আজি পুৱাৰ ভাগত বেংগালুৰুৰ ২ খন শিক্ষানুষ্ঠানত কৰ ফাঁকিৰ অভিযোগত আয়কৰ বিভাগে অভিযান চলায় ৷ কৰ ফাঁকি দিয়াৰ সন্দেহত আয়কৰ বিষয়াসকলে আজি চহৰখনৰ দুখন আগশাৰীৰ শিক্ষানুষ্ঠানত এই তালাচী অভিযান চলাই বুলি জানিব পৰা গৈছে ৷
আয়কৰ বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে দুইখন প্ৰতিষ্ঠান কিছু সময়ৰ বাবে আয়কৰ বিভাগৰ ৰাডাৰত আছিল। আজি পৃথক পৃথক দলে পুৱাৰ পৰাই দুয়োখন বিশিষ্ট শিক্ষানুষ্ঠানৰ বিভিন্ন স্থানত তালাচী চলায়।তেওঁলোকে ইয়াকো জনাই যে প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ চৌহদতো আজি এই তালাচী কৰা হয়। অভিযান চলি থকাৰ বাবে কঠোৰ হৈ পৰিছিল আয়কৰ বিভাগৰ বিষয়াসকল ।