ভাৰতৰ প্ৰতিবাদৰ পিছতো চীনে অৰুণাচল প্ৰদেশৰ ১১ টা স্থানৰ নাম সলনি কৰাক লৈ বিতর্কৰ সুচনা হৈছে ৷ আনকি, অৰুণাচলক জি জিনপিং চৰকাৰে ‘সাৰ্বভৌম চীনৰ অংশ’ বুলি চিনাক্ত কৰিছে। এনে পৰিস্থিতিত লাডাখ সদৃশ সংঘাতৰ পুনৰাবৃত্তিৰ পৰা হাত সাৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ-পূবৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শান্তি আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ আহ্বান জনাইছে।
শুকুৰবাৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে, ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা চীনৰ সৈতে আমাৰ সম্পৰ্ক স্বাভাৱিক হোৱা নাই। সীমান্তৰ শান্তি পুনৰ ঘূৰাই নানিলে সম্পৰ্ক স্বাভাৱিক কৰাটো কঠিন হ’ব। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে বুধবাৰে কয়, ”জাংনান (চীনা নাম অৰুণাচল প্ৰদেশ) চীনৰ ভূখণ্ডৰ অংশ। এই আইন অনুসৰি চীন চৰকাৰে প্ৰশাসনিক উদ্দেশ্যত কিছু নাম সলনি কৰিছে। এয়া চীনৰ সাৰ্বভৌম অধিকাৰ।”
চীনে কেতিয়াও অৰুণাচলক ভাৰতীয় ভূখণ্ড হিচাপে স্বীকৃতি দিয়া নাই। তেওঁলোকে দাবী কৰে যে উত্তৰ-পূব ভাৰতৰ প্ৰদেশখন দখল কৰা তিব্বতৰ দক্ষিণ অংশ বুলিহে দাবী কৰি আহিছে । ইয়াৰ পূৰ্বেও চীনে দুবাৰকৈ অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ নাম সলনি কৰিছে। ২০১৭ চনত দালাই লামাৰ অৰুণাচল ভ্ৰমণৰ পিছত চীনৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সেই ৰাজ্যৰ ৬ টা স্থানৰ নাম সলনি কৰে। ২০২১ চনত তেওঁলোকে আৰু ১৫টা ঠাইত নাম সলনি কৰাৰ কথা ঘোষণা কৰে। লাডাখৰ উপৰিও যোৱা কেইবছৰমানৰ পৰা টাৱাঙকে ধৰি অৰুণাচলৰ কেইবাটাও অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) পাৰ হৈ চীনৰ সামৰিক আগ্ৰাসনৰ ‘ৰিপ’ৰ্ট’ আহিছে। এই পৰিস্থিতিত নতুন দিল্লীয়ে অনুভৱ কৰিছে যে কূটনৈতিক পৰ্যায়ত বেইজিঙৰ এই আগ্ৰাসী মনোভাৱে নতুন সামৰিক উত্তেজনাৰ সৃষ্টি কৰিব পাৰে।
শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও কয় যে সীমান্তত শান্তি ঘূৰাই নানিলে ভাৰত-চীনৰ সম্পৰ্ক স্বাভাৱিক নহ’ব। জয়শংকৰে ভাৰত-চীনৰ সম্পৰ্কৰ বিষয়ে ব্যাখ্যা কৰাৰ সময়তে তিনিওটা ‘এম’ক উল্লেখযোগ্যভাৱে উত্থাপন কৰিছিল। অৰ্থাৎ ‘পাৰস্পৰিক সংবেদনশীলতা’, ‘পাৰস্পৰিক সন্মান’ আৰু ‘পাৰস্পৰিক স্বাৰ্থ’। তেওঁ কয়, ‘আমি আশা কৰিব পাৰো যে এছিয়াৰ উত্থান অব্যাহত থাকিব। সকলো সূচকে সেই দিশটোকে আঙুলিয়াই দিছে। কিন্তু ই কিমানখিনি একত্ৰিত হৈ থাকে সেয়া নিৰ্ভৰ কৰে ভিতৰৰ ফাটবোৰ কিমান ভালদৰে মেৰামতি কৰা হয় তাৰ ওপৰত।“