ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান চমুকৈ আইআইইয়ে যোৱা ১ এপ্ৰিলত গৌৰৱোজ্জ্বল ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।
আই আই ইৰ সঞ্চালক ড০ ললিত শৰ্মাই প্ৰতিষ্ঠানটোৰ এতিয়ালৈকে যাত্ৰাৰ লগতে ইয়াৰ উল্লেখযোগ্য পদক্ষেপ আৰু কৃতিত্বৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে প্ৰতিষ্ঠানৰ প্ৰতিজন সদস্যকে ধন্যবাদ জনায়। তেওঁ অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ মাজত উদ্যোগী মনোভাৱ বৃদ্ধিৰ বাবে সংস্থাটোৰ ফালৰ পৰা অধিক নিষ্ঠাৰে কাম কৰি যোৱাৰ আশ্বাস দিয়ে। উত্তৰ-পূর্বাঞ্চলত উদ্যোগীকৰণ বিকাশৰৰ সম্ভাৱনীয়তাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ উদ্যোগীকৰণৰ বিভিন্ন দিশৰ ওপৰত নিজৰ মতামত দাঙি ধৰে ৷
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ, ফটোগ্ৰাফী আৰু ৰিল নিৰ্মাণ প্ৰতিযোগিতা, কবিতা প্ৰতিযোগিতা, পৰম্পৰাগত সাজ-পোছাকৰ প্ৰতিযোগিতা, শ্ৰেষ্ঠ কৰ্মচাৰীৰ বঁটা আৰু প্ৰতিষ্ঠানটোৰ নিৰাপত্তা আৰু সহায়ক কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীসকলৰ প্ৰতিভা প্ৰদৰ্শন কৰি এক বৰ্ণিল সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত কৰা হয়। আই আই ইৰ কৰ্মচাৰীসকলৰ সন্তানক উৎসাহিত কৰাৰ উদ্দেশ্যে এক বিশেষ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়।