কিউ এছ এছিয়া ৰেংকিং ২০২২ ৰ তালিকাত এছিয়াৰ ২০০ খন উৎকৃষ্ট শিক্ষানুষ্ঠানৰ তালিকাৰ ১১৯ নম্বৰ স্থানত আই আই টি গুৱাহাটীৰ নাম সন্নিবিষ্ট হৈছে। তালিকাখনৰ শীৰ্ষ স্থানত আছে ছিংগাপুৰ ইউনিভাৰ্চিটি।
আই আই টি বোম্বে তালিকাৰ ৪২ তম স্থানত সন্নিবিষ্ট হৈ ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে। ১০০ নম্বৰৰ ভিতৰত ৭১ নম্বৰ লাভ কৰি শিক্ষানুষ্ঠান খনে এই স্থান সুৰক্ষিত কৰে।
আনহাতে ভাৰতৰ সৰ্বমুঠ ১৮ খন শিক্ষানুষ্ঠান এই তালিকাত অন্তৰ্ভুক্ত হৈছে। আই আই টি দিল্লীয়ে ৪৫ তম স্থান, আই আই টি মাদ্ৰাজে ৫৪ তম স্থান , আই আই এছ চি বাংগালোৰে ৫৬ তম স্থান, আই আই টি খড়গপুৰে ৬০ তম স্থান, আই আই টি কানপুৰ ৬৪ স্থান, দিল্লী ইউনিভাৰচিটি ৭৭ তম স্থান, জৱাহৰলাল নেহৰু ইউনিভাৰচিটিয়ে ১০৭ তম স্থান অধিকাৰ কৰিছে।
ইয়াৰ উপৰিও এই তালিকাত আই আই টি ৰুৰকী, কলিকতা বিশ্ববিদ্যালয়, হাইদৰাবাদ বিশ্ববিদ্যালয়, যাদৱপুৰ বিশ্ববিদ্যালয়, আই আই টি ইন্দোৰ, সাবিত্ৰীবাঈ ফুলে বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামিয়া বিশ্ব বিদ্যালয়কে ধৰি ১৮ খন বিশ্ববিদ্যালয় তালিকাভুক্ত হৈছে।