২৩মাৰ্চ, গুৱাহাটীঃ ভাৰতবৰ্ষক ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীন কৰিবলৈ নিজৰ জীৱন প্ৰাণ আহুদি দিয়া, দেশৰ লক্ষ লক্ষ যুৱকৰ আদৰ্শ শ্বহীদ ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱৰ ত্যাগ আৰু বীৰত্বক স্মৰণ কৰি আজি সমগ্ৰ দেশতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ আহ্বানত বিজেপিৰ 40খন সাংগঠনিক জিলাতে যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে বিভিন্ন শ্বহীদ স্মাৰক, ধৰ্মীয় অনুষ্ঠান, উপাসনাস্থলী, ইতিহাস প্ৰসিদ্ধ স্থান সমূহত স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ কৰে । স্বচ্ছতা অভিযানৰ উপৰিও গুৱাহাটী মহানগৰ জিলা , ওডালগুৰী জিলা, নগাঁও জিলা, হোজাই, যোৰহাট জিলাত বৃক্ষৰোপন কৰে, ঢকুৱাখনা সাংগঠনিক জিলা যুৱ মৰ্চাই ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ৰূগীসকলৰ মাজত খাদ্য বস্তু বিতৰণ কৰে ।
ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ্ডলৰ উদ্যোগত সনাতন ধৰ্ম নামঘৰতো এক স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।
এই অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় জনতা যু্ৱ মৰ্চা,অসম প্ৰদেশৰ মাননীয় সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা , ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য , উপ-সভাপতি গৌতম শৰ্মা, ধ্ৰুৰুম বসুমতাৰী, গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মাকে ধৰি বিভিন্ন বিষয়ববীয়াসকল ।