কালি সন্ধিয়া সাপ্তাহিক ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কিছু গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ কিছু সিদ্ধান্ত গ্ৰহণ কৰে। লাভলীনা বৰগোহাঁইক ডেপুটি চুপাৰিনটেনডেন্ট অফ পুলিচৰ পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
অসম চৰকাৰে কৃষিখণ্ডৰ উন্নয়নৰ বাবে নাবাৰ্ডৰ পৰা ৫০৮.৬০ কোটি টকাৰ ঋণ সংগ্ৰহ কৰাৰ কথা সিদ্ধান্ত লয়।
অলপতে আনুষ্ঠানিকভাবে মুকলি কৰা কৃতজ্ঞতা পৰ্টেল জৰিয়তে পেঞ্চনৰ সৰু বৰ সকলোটি কথা সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। AMTRON ক এই সন্দৰ্ভত জিলাসমূহত সেৱা কেন্দ্ৰ স্থাপন কৰিবলৈ অনুমোদন জনায়। জিলাত কৰ্মৰত শিক্ষাখণ্ডৰ উচ্চ পদস্থ বিষয়াসকলেও কৃতজ্ঞতা পৰ্টেলৰ সুবিধাসমূহ লাভ কৰিব পাৰিব।
এবছৰৰ ভিতৰত পেঞ্চন সম্পৰ্কীয় দিশসমূহ মিমাংসা কৰা হ’ব। অৰ্থাৎ কৃতজ্ঞতাৰ জৰিয়তে শিক্ষা বিভাগৰ লোকসকলে এবছৰৰ ভিতৰত পেঞ্চন লাভ কৰিবলৈ সক্ষম হ’ব।
পেঞ্চনৰ ক্ষেত্ৰত জটিলতা নাইকিয়া কৰিবলৈ এই পৰ্টেল মুকলি কৰা হৈছিল। অনাগত সময়ত কৃতজ্ঞতা পৰ্টেলে অন্য বিভাগসমূহকো সামৰি ল’ব।