আমিনগাঁওস্থিত সংহত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ পৌৰোহিত্যত বানপানীৰ আগতীয়া প্ৰস্তুতি সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ আৰম্ভণিতে কামৰূপ জিলা দুৰ্যোগ প্ৰাধিকৰণৰ তৰফৰ পৰা বিগত বানপানীৰ ক্ষতিৰ সৱিশেষ সামৰি তথা আগন্তুক বৰ্ষাকালীন সময়ত হ’ব পৰা বানপানীৰ প্ৰস্তুতিৰ বিৱৰণেৰে এক প্ৰেজেন্টেশ্যন আগবঢ়োৱা হয়। জিলা উপায়ুক্ত গৰাকীয়ে প্ৰতিগৰাকী চক্ৰ বিষয়াৰ পৰা তথা সংশ্লিষ্ট বিভিন্ন বিভাগৰ মুৰব্বীৰ পৰা যোৱা বৰ্ষৰ বানপানীৰ সময়ত হোৱা দুৰ্যোগ, বিভিন্ন ক্ষেত্ৰত পোৱা অসুবিধা তথা এই বৰ্ষৰ বানপানীৰ সময়ত দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ পৰিকল্পনা আদিৰ বিষয়ে সৱিশেষ বুজ লয়। তেওঁ লগতে বিগত বৰ্ষত বানপানীৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত হোৱা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি গৰাকীৰ পৰাও এই বিষয়ে অৱগত হয়।
বৈঠকত পৌৰোহিত্য কৰি জিলা উপায়ুক্ত গৰাকীয়ে প্ৰতিগৰাকী চক্ৰ বিষয়াক তেওঁলোকৰ অধীনৰ গাওঁবুঢ়া, গাওঁৰক্ষী বাহিনী, লাটমণ্ডল ইত্যাদিক মাতি বৈঠক অনুষ্ঠিত কৰি এই সম্পৰ্কত এক বিস্তৃত পৰিকল্পনা কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ লগতে মথাউৰিৰ বিপদশংকুল অংশ সমূহ চৰজমিন পৰীক্ষা কৰি যুদ্ধকালীন ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। যি সমূহ বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বিপদশংকুল এই সম্বন্ধে ক্ষীপ্ৰ ব্যৱস্থা লোৱাৰ উপৰি মোবাইল টাৱাৰ ব্যৱস্থাও ভালদৰে পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে যাতে আকস্মিকভাৱে হোৱা বানৰ সময়ত যোগাযোগ ব্যৱস্থা কোনো কাৰণতে বিঘ্নিত নহয়। তেওঁ লগতে আন্তঃগাথনিৰ লগত জৰিত থকা বিভাগ সমূহৰ পৰা বানপানীৰ পূৰ্বে তেওঁলোকৰ আন্তঃগাথনি সমূহৰ ফিটনেচৰ প্ৰমাণ পত্ৰ লোৱাৰ বাবে নিৰ্দেশ দিয়ে। মথাউৰিৰ বিপদশংকুল স্থান সমূহ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াৰ সৈতে পৰিদৰ্শন কৰাৰ বাবেও তেওঁ চক্ৰ বিষয়া সকলক নিৰ্দেশ দিয়ে। তদুপৰি জনস্বাস্থ্য বিভাগক খোৱা পানী যোগানৰ এক উপযুক্ত আগতীয়া পৰিকল্পনা যুগুত কৰাৰ বাবেও তেওঁ আজিৰ বৈঠকতে নিৰ্দেশ দিয়ে। খাদ্য আৰু অসামৰিক যোগান বিভাগকো চক্ৰ ভিত্তি নিয়োজিত কৰিবলগীয়া পৰিদৰ্শকৰ তালিকা প্ৰস্তুত কৰাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। প্ৰতিটো বিভাগে যাতে ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া সকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি দুৰ্যোগৰ সৈতে ভালদৰে মোকাবিলা কৰিব পাৰে তাৰ বাবে এক উপযুক্ত পৰিকল্পনা কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে। অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত উপায়ুক্ত গৰাকীয়ে এই সম্পৰ্কত উপযুক্ত পৰিকল্পনা সামৰি এক বৈঠকত মিলিত হ’ব বুলিও তেওঁ আজিৰ বৈঠকতে সদৰি কৰে।
আজিৰ বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামী, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দ্বীপন বৰ্মন, অগ্নিনিৰ্বাপন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ উপ সঞ্চালক নন্দ সিং বৰকলা, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ, আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকল, সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰে।