VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“মই গো-মাংস খাওঁ, মেঘালয়ৰ এয়া জীৱনশৈলী, কোনেও বন্ধ কৰিব নোৱাৰে”: নির্বাচনৰ প্ৰাকমুহুর্তত ৰাজ্যিক বিজেপিৰ মুৰব্বীৰ মন্তব্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 23, 2023
in ৰাজনীতি
“মই গো-মাংস খাওঁ, মেঘালয়ৰ এয়া জীৱনশৈলী, কোনেও বন্ধ কৰিব নোৱাৰে”:  নির্বাচনৰ প্ৰাকমুহুর্তত ৰাজ্যিক বিজেপিৰ মুৰব্বীৰ মন্তব্য
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ মেঘালয়ৰ ৰাজ্যিক মুৰব্বী আৰ্নেষ্ট মাউৰীয়ে কয় যে মেঘালয়ত গো-মাংস খোৱাৰ ক্ষেত্ৰত কোনো বাধা নাই আৰু তেওঁ নিজেও গো-মাংস সেৱন কৰে।

সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি  আৰ্নেষ্ট মাউৰীয়ে কয়, “আন ৰাজ্যই গ্ৰহণ কৰা প্ৰস্তাৱৰ ওপৰত মই কোনো বক্তব্য দিব নোৱাৰো। আমি মেঘালয়ত আছো, সকলোৱে গো-মাংস খায়, আৰু কোনো বাধা নাই। হয়, মইও গো-মাংস খাওঁ। ইয়াত কোনো নিষেধাজ্ঞা নাই। এইটো ৰাইজৰ জীৱনশৈলী, কোনেও ৰোধ কৰিব নোৱাৰে।ভাৰততো তেনে কোনো নিয়ম নাই।কিছুমান ৰাজ্যই কিছুমান আইন গৃহীত কৰিছে।“

যি সময়ত অসমৰ দৰে বিজেপি শাসিত ৰাজ্যই গো বধ, পৰিবহণ আৰু গো-মাংস বিক্ৰী নিয়ন্ত্ৰণৰ বাবে বিধেয়ক গৃহীত কৰিছিল ৷ বিজেপিক খ্ৰীষ্টান বিৰোধী দল বুলি একাংশ ৰাজনৈতিক দলে উত্থাপন কৰা অভিযোগ নাকচ কৰি মেঘালয় বিজেপিৰ মুৰব্বীগৰাকীয়ে কয় যে এয়া কেৱল “ৰাজনৈতিক অপপ্ৰচাৰ”।

তেওঁ কয়, “এতিয়া দেশত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ৯ বছৰীয়া চৰকাৰ চলি আছে আৰু দেশত কোনো গীৰ্জাকো আক্ৰমণ বা লক্ষ্য কৰি লোৱা হোৱা নাই। বিৰোধী ৰাজনৈতিক দলৰ অভিযোগ যে বিজেপি খ্ৰীষ্টান বিৰোধী দল, হৈছে। আমি মেঘালয়ত আছো – খ্ৰীষ্টান প্ৰধান ৰাজ্য, আৰু সকলোৱে গীৰ্জালৈ যায়। গোৱাতো বিজেপিৰ শাসন চলি আছে আৰু এটাও গীৰ্জাক লক্ষ্য কৰি লোৱা হোৱা নাই। নাগালেণ্ডৰ ক্ষেত্ৰতো একেই। এয়া মাথোঁ কিছুমান ৰাজনৈতিক দল বিশেষকৈ কংগ্ৰেছ, টিএমচি, আনকি ৰাজ্যৰ কিছুমান মিত্ৰ দলৰ দ্বাৰা কৰা ৰাজনৈতিক অপপ্ৰচাৰ। সেয়া সঁচা নহয়। মইও এজন খ্ৰীষ্টান আৰু তেওঁলোকে মোক কেতিয়াও গীৰ্জালৈ নাযাবলৈ কোৱা নাই।’ তেওঁ আৰু কয় যে মেঘালয়ত বিজেপিয়ে পৰৱৰ্তী চৰকাৰ গঠন কৰিব। “এইবাৰ মেঘালয়ৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। আমাৰ সমীক্ষা অনুসৰি আমি দুটা সংখ্যাত যাদুকৰী সংখ্যা পাম আৰু চৰকাৰ গঠন কৰিম।’-আৰ্নেষ্ট মাউৰীয়ে কয়। অহা ২৭ ফেব্ৰুৱাৰীত মেঘালয়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।

 

Previous Post

হেৰা ফেৰী-৩ৰ পিছত অক্ষয়-সুনীল-পৰেশ যুটীৰ সৈতে ৱেলকাম -৩ ত দেখা যাব সঞ্জয় দত্ত- আর্শ্বাদ ৱার্শ্বীক

Next Post

কামৰূপত বানপানীৰ আগতীয়া প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক

Related Posts

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন
ৰাজনীতি

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?
ৰাজনীতি

লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?

March 29, 2023
সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়
ৰাজনীতি

সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়

March 28, 2023
ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!
ৰাজনীতি

ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!

March 22, 2023
আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই  “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন
ৰাজনীতি

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

March 20, 2023
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!
ৰাজনীতি

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

March 17, 2023
Next Post
কামৰূপত বানপানীৰ আগতীয়া প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপত বানপানীৰ আগতীয়া প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7