VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

voicedesk by voicedesk
April 3, 2023
in মুখ্য সংবাদ
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীঃ ৩ এপ্ৰিলঃ কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয়। জিলা উপায়ুক্তৰ সভাগৃহত বিয়লি চাৰি বজাৰ পৰা অনুষ্ঠিত সভাখনত জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। সভাত উপস্থিত থাকি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ লগত সংযোগী অনান্য পথসমূহত শেহতীয়াকৈ বৃদ্ধি হোৱা যানজঁট শীঘ্ৰেই নিয়ন্ত্ৰণ কৰি এক সূচল যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ লগতে মহানগৰীত থকা ব্লেক স্পটসমূহ চিনাক্ত কৰি জিলা পথ-সুৰক্ষা সমিতিৰ অৱগত কৰিবলৈ ট্ৰেফিকৰ লগতে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। ইফালে আই পি এলৰ বাবে মহানগৰীলৈ আগমন হোৱা খেলুৱৈসকলৰ যাতায়াতৰ বাবে বিমানবন্দৰৰ পৰা ৰেডিছন ব্লু, বিমান বন্দৰৰ পৰা হোটেল তাজ, ৰেডিছন ব্লুৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম আৰু হোটেল তাজৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম সংযোগী নিদিষ্ট পথসমূহত প্ৰতিটো মুহূৰ্ততে শৃংখলাবদ্ধ আৰু সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলিবলৈ জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে ৷ একেদৰে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ সময়ত নিচিদ্ৰ যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে ট্ৰেফিকসহ অনান্য বিভাগসমূহক নিৰ্দেশ দিয়ে ৷ এমভিআই, লোকনিৰ্মাণ বিভাগৰ পথ নিৰ্মাণকে ধৰি অনান্য বিভাগৰ বিষয়াৰে গঠিত দুৰ্ঘটনা অনুসন্ধানকাৰী দল পূৰ্বতকৈ অধিক সষ্টম কৰি দূৰ্ঘটনা বিষয়ক সকলো অনুসন্ধান পুংখানুপুংখভাৱে অব্যাহত ৰাখি জিলা পথ-সুৰক্ষা সমিতিক অৱগত কৰি থাকিবলৈয়ো জিলা উপায়ুক্ত গৰাকীয়ে আহ্বান জনায় ৷ পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভাখনত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পথ-সুৰক্ষা সমিতিৰ সচিব তথা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা হেমন্ত দেউৰী ভড়ালী, ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী সংস্থাৰ বিষয়া কল্যাণ দত্ত, জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস, ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, প্ৰৱৰ্তক পৰিদৰ্শক নিতু চেতীয়াকে ধৰি জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

Previous Post

৫ এপ্ৰিলৰ পৰা কামৰূপ মহানগৰ জিলাত আয়ুষ্মান ভাৰত কাৰ্ডৰ বাবে ই-কে ৱাই চি বৈধতা নিৰূপন প্ৰক্ৰিয়া

Next Post

বিশ্ব অভিলেখৰ বাবে গুৱাহাটীলৈ আহিবলগীয়া বিহুৱা-বিহুৱতীক আদৰিবলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বিশ্ব অভিলেখৰ বাবে গুৱাহাটীলৈ আহিবলগীয়া বিহুৱা-বিহুৱতীক আদৰিবলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন

বিশ্ব অভিলেখৰ বাবে গুৱাহাটীলৈ আহিবলগীয়া বিহুৱা-বিহুৱতীক আদৰিবলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7