VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

জৰিমণা ভৰাৰ উপৰি থানাৰ আলহী হ’ব লাগিব মদ্যপান কৰি গাড়ী চলোৱা চালক

voicedesk by voicedesk
June 1, 2023
in মুখ্য সংবাদ
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ১জুনঃ কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি পৰিবহণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ড。 ধ্ৰুৱজ্যোতি হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ সভাৰ আৰম্ভণিতে মহানগৰীৰ জালুকবাৰীত অলপতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত সাতজনকৈ অভিযান্ত্ৰিক ছাত্ৰই অকাল মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়। অনাগত দিনত যাতে এনে আৰু কোনো ঘটনা সংঘটিত নহয় তাৰ বাবে মহানগৰখনৰ পথ সুৰক্ষা ব্যৱস্থাটোক জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত বিভাগসমূহৰ যৌথ প্ৰচেষ্টাত অধিক কটকটীয়া কৰি তোলাত গুৰুত্ব দিয়া হয়৷ সভাখনত গুৱাহাটীত সততে দেখিবলৈ পোৱা বাইক ষ্টান্ট, ৰঙা লাইট অমান্যৰ ঘটনা, মদ্যপান কৰি গাড়ী চালনা, আৱৰণ মুক্ত যানবাহনৰ চলাচল, অনিয়ন্ত্ৰিত গতিবেগত গাড়ী চালনা, বিভিন্ন বাহনৰ অস্বাভাৱিক আৰু বিকট শব্দ, গাড়ীত কলা গ্লাছ ব্যৱহাৰ, মহানগৰীৰ দুৰ্ঘটনাপ্ৰৱন স্থান চিনাক্ত কৰি উলিওৱা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়৷ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসকে ধৰি ডিচিপি ট্ৰেফিক হিৰণ্য কুমাৰ বৰ্মন, জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য-সচিব হেমন্ত দেউৰী ভড়ালী, জিএমচিৰ যুটীয়া আয়ুক্ত প্ৰণৱ দত্ত গোস্বামী, লোক নিৰ্মাণ বিভাগৰ বিষয়া কল্যাণ কুমাৰ দাস, শিখা দেৱী শৰ্মা, নৱ কুমাৰ শৰ্মা, এনএইচএআইৰ আয়ুস ৰাণা, পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, প্ৰৱৰ্তক পৰিদৰ্শক নীতু চেতিয়াসহ জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল সভাত উপস্থিত থাকে৷ সভাখনত সভাপতিত্ব কৰি অতিৰিক্ত উপায়ুক্ত ড。 ধ্ৰুৱজ্যোতি হাজৰিকাই বিভিন্ন দিশ উনুকিয়াই দি বিশেষকৈ জালুকবাৰীত সংঘটিত ভয়ানক পথ-দু্ৰ্ঘটনাৰ বিজ্ঞানসন্মত আৰু আনুসংগিক কাৰণ অধ্যয়নৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দিয়া নিৰ্দেশৰ ভিত্তিত সংশ্লিষ্ট বিভাগসমূহক খৰতকীয়া প্ৰচেষ্টাৰে এই কাৰ্য নিয়াৰিকৈ সম্পন্ন কৰিবলৈ আহ্বান জনায়। মহানগৰীৰ দুৰ্ঘটনাপ্ৰৱন স্থানসমূহ চিনাক্ত কৰি সকলোৰে চকুত পৰাকৈ গতিবেগ নিয়ন্ত্ৰণৰ চিহ্ন ব্যৱহাৰ কৰা, স্পষ্ট আখৰেৰে গতিবেগ উল্লেখ কৰা, অধিক পোহৰৰ ব্যৱস্থা কৰাৰ উপৰি পামহি, গড়চুক, বৰাগাওঁ আদি অঞ্চলত অবৈধভাৱে গঢ়ি উঠা ধাৱাত অনুজ্ঞাপত্ৰ অবিহনেই সুৰাৰ ব্যৱসায় চলাই থকা কাৰ্য বন্ধ কৰা আদি দিশসমূহত সময় সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে পৰিবহণ, আৰক্ষী, লোকনিৰ্মাণকে ধৰি অনান্য বিভাগসমূহক আহ্বান জনায়। ইফালে মদ্যপান কৰি গাড়ী চলোৱাৰ ঘটনা ধৰা পৰা মাত্ৰকে চালকক জৰিমনা বিহাৰ উপৰি সেইসময়ত বাহনত থকা আৰোহী সহিতে চালকক স্থানীয় আৰক্ষী থানাত চমজাই দিবলৈ পৰিবহণ বিভাগক আহ্বান জনায় ৷ কিয়নো মদ্যপান কৰি গাড়ী চলোৱা চালকক জৰিমণা বিহি এৰি দিলে সেই চালকে গৈ ক’ৰবাত দুৰ্ঘটনা সংঘটিত কৰিব পাৰে ৷ জিলা পথ সুৰক্ষা সমিতিৰ সভাখনত উপস্থিত থাকি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে আগন্তুক দিনত মহানগৰখনত সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলি দুৰ্ঘটনামুক্ত কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগসমূহৰ সক্ৰিয় আৰু স্বতঃস্ফূৰ্ত সহযোগিতা কামনা কৰে৷ আগন্তুক এসপ্তাহৰ ভিতৰত মহানগৰীৰ ‘ব্লেকস্পট’ সমূহ চিনাক্ত কৰি এই স্থানসমূহত ল’বলগীয়া সাৱধানতাৰ ক্ষেত্ৰত আঁচনি যুগুত কৰিবলৈ আহ্বান জনাই অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আজিৰ গুৰুত্বপূৰ্ণ সভাখনৰ সামৰণি পেলায়।

Previous Post

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

Next Post

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7