VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বটদ্ৰৱাত অঞ্চলৰ সমস্যা সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা সম্পন্ন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
February 3, 2023
in মুখ্য সংবাদ
বটদ্ৰৱাত অঞ্চলৰ সমস্যা সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা সম্পন্ন
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত বৃহস্পতিবাৰে বটদ্ৰৱা অঞ্চলৰ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা আৰু সমস্যাসমূহৰ সমাধানৰ পথ বাচি উলিওৱা বিষয়ে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় । সভাৰ আৰম্ভণিতে সমাজকৰ্মী,শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান পৰিচালনা সমিতিৰ উপ-সভাপতি তথা উদ্যোগ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া অতুল মহন্তই গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত পকী দেৱালৰ প্ৰয়োজনীয়তা,বটদ্ৰৱা আলিপুখুৰী শাখা সহিত্য সভাৰ নিজা ভূমি আৰু কাৰ্যলয় নথকা,২০১৪ চনতে নিৰ্মান সম্পূৰ্ণ কৰা বটদ্ৰৱাৰ ১০ খন বিচনাযুক্ত চিকিৎসালয় অদ্যপি মুকলি নকৰাৰ বিষয়ে বিস্তৃত বাখ্যা আগবঢ়ায় ।

শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁ‌ত ধৰা আলোচনা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়িকা শিৱামনি বৰা । ইন্দ্ৰমোহন বৰুৱাই তেওঁৰ ভাষণত অঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে বাখ্যা আগবঢ়োৱাৰ লগতে অসম নাট্য সন্মিলনীৰ,বটদ্ৰৱা চিহ্ন যাত্ৰা শাখাৰ বাবে ভূমি আবণ্টন আৰু বটদ্ৰৱা জাতীয় বিদ্যালয়ৰ চৌহদত মাটি ভৰোৱাৰ বাবে দিয়া আবেদনসহ তিনিখন স্মাৰক পত্ৰ বিধায়িকাৰ হাতত অৰ্পণ কৰে।ইফালে ভেটিয়নি গাঁ‌ৱৰ ৰাইজৰ তৰফৰ পৰা ভেটিয়নি পুৰণি নামঘৰ মেৰামতিৰ বাবে আৰ্থিক সাহাৰ্য্য বিচাৰি আবেদন স্থানীয় বিধায়িকাৰ হাতত অৰ্পণ কৰে। আলোচনা সভাত সমাজকৰ্মী দিলীপ দেৱ গোস্বামীয়ে অঞ্চলৰ উক্ত সমস্যাসমূহ সমাধানত বিধায়িকা গৰাকীয়ে গুৰুত্ব প্ৰদান কৰি অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰিব বুলি আশা প্ৰকাশ কৰে।

সভাত প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি যোগেন শইকীয়াই নগাওঁ-ধিং গড়কাপ্তানি পথৰ বটদ্ৰৱা পুৰণি বাছ আস্থানৰ ওচৰত এটা কালভাৰ্ট নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়িকাক অনুৰোধ জনায়। সভাত বিধায়িকা শিৱামণি বৰাই ভাষণত কয় যে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ এই সমস্যাসমূহৰ বিষয়ে পূৰ্বে অৱগত নাছিল চৌহদৰ পকী দেৱালৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব উপলব্ধি কৰি তেখেতে পৰ্য্যায়ক্ৰমে তেখেতৰ কাৰ্য-কালৰ ভিতৰত দেৱাল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে । চিকিৎসালয়খনৰ কাম আৰম্ভ কৰাৰ প্ৰসংগত বৰাই কয় যে এই বিষয়ে তেওঁ বিগত বিধানসভাৰ মজিয়াত বিষয়টো উত্থাপন কৰাই নহয় স্বাস্থ্য মন্ত্ৰীৰ লগত ব্যক্তিগত ভাৱে আলোচনাতো মিলিত হৈছিল। প্ৰয়োজন হ’লে আগন্তুক বিধান সভাৰ অধিৱেশনত বিষয়টো পুনৰ উস্থাপন কৰিব।

যিকোনো প্ৰকাৰে চিকিৎসালয়খন অতি সোনকালে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আলিপুখুৰী শাখা সাহিত্য সভা আৰু নাট্য সন্মিলনৰ চিহ্ন যাত্ৰা শাখাৰ নামত ভূমি আবণ্টনৰ তৎকালীন ভাৱে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ধিং ৰাজহ চক্ৰ বিষয়ালৈ লিখিত নিৰ্দেশনা দিয়ে । ইতিমধ্যে বটদ্ৰৱা থানৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ বাবে এক কোটি টকাৰ অনুদান আগবঢ়োৱাৰ বিষয়ে উল্লেখ কৰি বিধায়িকাগৰাকীয়ে কয় যে ৰাইজে সহায় সহযোগিতা আগবাঢ়লে তেওঁ অঞ্চলটিৰ সকলো সমস্যা সমাধানৰ প্ৰচেষ্টা চলাই যাব । সভাত বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ জয়ন্ত বৰুৱা,অনুজ বৰুৱাৰ লগতে শিক্ষক জয়ন্ত হাজৰিকা,শিল্পী উপেন শইকীয়া,অজিত বৰাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে ।

 

Previous Post

চণ্ডিগড়ত অনুষ্ঠিত নাগেশ ট্ৰফি টি-২০ ত অংশ ললে অসম দৃষ্টিহীন ক্ৰিকেট দলে

Next Post

নগাঁৱৰ ঘাঁহীত পুথিভঁড়াল সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি

Related Posts

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু
মুখ্য সংবাদ

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড
মুখ্য সংবাদ

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
৪০ লাখ শিক্ষার্থীলৈ  মোদীয়ে দিব চিঠি , ব্যয় হ’ব ৪০ কোটি টকা
মুখ্য সংবাদ

৪০ লাখ শিক্ষার্থীলৈ মোদীয়ে দিব চিঠি , ব্যয় হ’ব ৪০ কোটি টকা

March 31, 2023
মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক
মুখ্য সংবাদ

মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক

March 31, 2023
কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস
মুখ্য সংবাদ

কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস

March 30, 2023
কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক
মুখ্য সংবাদ

কাশ্মীৰত ভাৰত-পাকিস্তান সীমান্তত তীব্ৰ বিস্ফোৰণ, তীব্ৰ আতংক

March 30, 2023
Next Post
নগাঁৱৰ ঘাঁহীত পুথিভঁড়াল সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি

নগাঁৱৰ ঘাঁহীত পুথিভঁড়াল সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7