প্ৰাক্তন পাক ৰাষ্ট্ৰপতি ইমৰাণ খানে অৱশেষত সকাহ পালে। টোছাখানা গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে জামিন লাভ কৰে। এই গোচৰত ইমৰানক নিম্ন ন্যায়ালয়ে তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ইছলামবাগ উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ স্থগিত ৰাখিছে।
চলিত মাহৰ আৰম্ভণিতে এই গোচৰত আদালতে দোষী সাব্যস্ত কৰাৰ পিছতে ইমৰানক গ্ৰেপ্তাৰ কৰা হয়। ইছলামবাদৰ এখন আদালতে শনিবাৰে পাকিস্তান তেহৰিক-ই-ইনছাফৰ মুৰব্বীগৰাকীক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
যোৱা বছৰ ইমৰাণ খসানক গাদীচ্যুত কৰা হৈছিল। ইয়াৰ পিছতে তোষাখানা গোচৰটো চৰ্চালৈ আহিল। ডুবাইৰ এজন ব্যৱসায়ীয়ে দাবী কৰিছে যে তেওঁ ইমৰাণ খানৰ ঘড়ীটো বহিঃৰাজ্যৰ পৰা ২০ লাখ ডলাৰত কিনিছিল। ব্যৱসায়ীজনে কয় যে ২০১৯ চনত যেতিয়া পাকিস্তানত ইমৰাণৰ দলৰ ক্ষমতা আছিল তেতিয়া ছৌদি আৰৱৰ ৰাষ্ট্ৰপতি মহম্মদ বিন ছালমানে তেওঁক এই বহুমূলীয়া ঘড়ীটো উপহাৰ দিছিল। সেই অভিযোগৰ ভিত্তিত পাকিস্তানৰ নির্বাচন আয়োগে ইমৰাণক পাঁচ বছৰৰ বাবে নির্বাচনী প্রক্রিয়াত নিষিদ্ধ কৰিছিল৷ ইমৰানে যোৱা অক্টোবৰ মাহত ইছলামবাদ উচ্চ ন্যায়ালয়ত আয়োগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল যদিও আদালতে সেই সিদ্ধান্ত নাকচ কৰি আদালতৰ প্ৰক্ৰিয়াৰ সন্মুখীন হ’বলৈ কয়। ইয়াৰ পিছত যোৱা মে’ মাহত বিশেষ আদালতে ইমৰান খানক দোষী সাব্যস্ত কৰে।