শক্তিশালী বিস্ফোৰণে কপাঁই তুলিলে জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্ত ৷ বিস্ফোৰণৰ ফলত কথুৱা জিলাৰ ছানিয়ালেৰ সীমান্ত আৰক্ষী চকীৰ সমীপত এটা বিশাল গাঁতৰ সৃষ্টি হয়। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ এই বিস্ফোৰণৰ বাবেই সানয়ালত আতংক বিয়পি পৰিছে। আৰক্ষী আৰু সেনাই এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে সীমান্ত গাঁৱৰ বাসিন্দাসকলে কেইবা কিলোমিটাৰ দূৰৰ পৰা বিস্ফোৰণৰ শব্দ শুনা বুলি প্ৰকাশ কৰিছে ৷ জম্মু-কাশ্মীৰ আৰক্ষীৰ অতিৰিক্ত ডিজি মুকেশ সিং বিস্ফোৰণৰ পিছতে সেই স্থানত উপস্থিত হৈছে ৷ আৰক্ষী আৰু সেনাৰ উচ্চ পদস্থ বিষয়াও ছানিয়ালত উপস্থিত হৈছে । বিস্ফোৰণৰ উৎসৰ তদন্ত অব্যাহত আছে। স্থানীয় ৰাইজে দাবী কৰিছে যে সীমান্তৰ সিপাৰৰ পৰা ড্ৰ’নেৰে আই ই ডি সৰবৰাহ কৰা হৈছে। তেওঁলোকে ভাবে যে বিস্ফোৰকবোৰ তললৈ পেলোৱাৰ সময়ত বিস্ফোৰণ হৈছিল। স্থানীয় বাসিন্দাসকলে আই ই ডি সৰবৰাহৰ দাবী কৰে যদিও আৰক্ষী আৰু সেনাই তদন্তত কোনো ধৰণৰ সুৰুঙা এৰিব নিবিচাৰে।
কথুৱাৰ এছ এছ পি শিৱদীপ সিং জামৱালে বুধবাৰে নিশা ৯:৩০ মান বজাত বিস্ফোৰণৰ তথ্য লাভ কৰা বুলি জানিবলৈ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে সেই স্থানত তালাচী চলোৱা হয়। বোমা স্কোৱাডকো মাতি অনা হয়। তেওঁলোকে আহি নমুনা সংগ্ৰহ কৰিছে। কিন্তু এই শক্তিশালী বিস্ফোৰণৰ কাৰণ কি, ৰহস্য গভীৰ হৈ আহিছে।
ছানিয়ালে গাঁৱৰ বাসিন্দা ৰামলাল কলিয়াই কয়, ‘ৰাতি ৯:৩০ বাজিছিল। তীব্ৰ শব্দ শুনি গাঁৱৰ মানুহবোৰ ওলাই আহিল। কিন্তু ক’ত সংঘটিত হৈছে এই বিস্ফোৰণ চিনাক্ত কৰিব পৰা নাছিলো ৷ প্ৰায় ডেৰ ঘণ্টাৰ পিছত আমি সেই ঠাইখন পাইছিলোঁ। কৃষিভূমিত সংঘটিত হয় এই বিস্ফোৰণ। সেই বিস্ফোৰণৰ ফলত এটা বিশাল গাঁতৰ সৃষ্টি হৈছিল। কিন্তু বিস্ফোৰণৰ কাৰণ কি সেয়া জানিব পৰা হোৱা নাই। গাঁওবাসীৰ মাজত আতংক বিয়পি পৰিছে।”