নিশাটো পাৰ হ’লেই অযোধ্যাত ‘মহোৎসৱ’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৰাম মন্দিৰ।তেওঁৰ হাতেৰে ৰামলালাৰ মূৰ্তি হ’ব ‘প্ৰাণপ্ৰতিষ্ঠ’। উদ্বোধনী অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কমেও ৮০০০ লোক অযোধ্যাত উপস্থিত থাকিব। সোমবাৰে পুৱা ১০:৩০ বজাৰ ভিতৰত মোদী অযোধ্যাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত তেওঁৰ দিনটোৰ ভিতৰত একাধিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ ৰাম মন্দিৰ উদ্বোধন কৰি অযোধ্যাতো ৰাজহুৱা সভা সম্বোধন কৰিব মোদীয়ে।
পুৱা ১০:২৫ বজাত অযোধ্যাৰ বাল্মীকি বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী। তাৰ পৰা ১০:৪৫ বজাৰ ভিতৰত হেলিকপ্টাৰেৰে অযোধ্যা হেলিপেডত উপস্থিত হ’ব। ১০:৫৫ বজাত ৰাম মন্দিৰ চৌহদত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। দুপৰীয়া ১২ বজাৰ পিছত আৰম্ভ হ’ব উদ্বোধনী অনুষ্ঠান। দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ ৰাম মন্দিৰৰ ভিতৰত থাকিব মোদী। অৱশ্যে সেই সময়ত তেওঁ কি কৰিব সেয়া জানিব পৰা হোৱা নাই।
ৰামলালাৰ বিগ্ৰহত দিনৰ ১২:০৫ বজাৰ পৰা আৰম্ভ হ’ব ‘প্ৰাণপ্ৰতিষ্ঠা’ অনুষ্ঠান। ৫০ মিনিটৰ বাবে এই কাৰ্যসূচী অব্যাহত থাকিব। দুপৰীয়া ১২:৫৫ বজাত প্ৰধানমন্ত্ৰীয়ে সকলো ৰীতি-নীতি সম্পূৰ্ণ কৰি উদ্বোধনী স্থানৰ পৰা ওলাই যাব।
ৰাম মন্দিৰৰ সমীপত আয়োজন কৰা হৈছে মোদীৰ ৰেলী। দুপৰীয়া ১ বজাৰ ভিতৰত তেওঁ তাত উপস্থিত হ’ব। ২ বজালৈকে চলিব এই বৈঠক। সেই বৈঠকৰ পৰাই প্ৰধানমন্ত্ৰীয়ে ৰাইজক সম্বোধন কৰিব। ইয়াৰ পিছত মোদীয়ে অযোধ্যাৰ গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী কুবেৰ টিলা ভ্ৰমণ কৰাৰ কথা। হিন্দু ধৰ্মত কুবেৰ টিলাৰ গুৰুত্ব অপৰিসীম। সোমবাৰে বিয়লি প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ কুবেৰ টিলা ভ্ৰমণ কৰিব।
সোমবাৰে উদ্বোধন কৰা হ’ব ৰাম মন্দিৰ। অৱশ্যে মঙলবাৰৰ পৰা সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব মন্দিৰৰ দুৱাৰ। সোমবাৰে নিমন্ত্ৰণ ব্যক্তিৰ বাহিৰে সাধাৰণ লোকে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে। মঙলবাৰৰ পৰা দিনটোত দুবাৰকৈ সাধাৰণ জনতাৰ বাবে মুকলি কৰা হ’ব ৰাম মন্দিৰৰ দুৱাৰ। পুৱা ৭ বজাত প্ৰথমবাৰৰ বাবে দুৱাৰ খোল খাব। সেই সময়ত তীৰ্থযাত্ৰীসকলে মন্দিৰত প্ৰৱেশ কৰি পূজা কৰিব পাৰে। ১১:৩০ বজাৰ ভিতৰত পুনৰ দুৱাৰ বন্ধ হৈ যাব। ডেৰ-দুঘণ্টাৰ বিৰতিৰ পিছত দৰ্শনাৰ্থীয়ে পুনৰ ৰাম মন্দিৰত প্ৰৱেশ কৰিব পাৰিব ২ বজাৰ পৰা। সন্ধিয়া ৭ বজাত বন্ধ হ’ব দুৱাৰ।
গোটেই দিনটো ৰাম মন্দিৰত তিনিবাৰকৈ আৰতি কৰা হ’ব। ৰাতিপুৱা প্ৰথম আৰতিৰ সময় ৬:৩০। পুৱা আৰতিৰ নাম ‘জাগৰণ আৰতি’। ইয়াৰ পিছত দুপৰীয়া ১২ বজাৰ পৰা ৰাম মন্দিৰত ‘ভোগ আৰতি’ হ’ব। শেষত ‘সন্ধ্যাৰতী’ সন্ধিয়া ৭ বজাৰ ভিতৰত হ’ব। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰই জনাইছে যে যদি দৰ্শনাৰ্থীয়ে আৰতি আগবঢ়াব বিচাৰে তেন্তে নিৰ্দিষ্ট সময়ৰ ৩০ মিনিট আগতে মন্দিৰৰ কেম্প অফিচত পৰিচয় পত্ৰ লৈ উপস্থিত হ’ব লাগে। তাৰ পৰা আৰতি পাছ সংগ্ৰহ কৰি দৰ্শনাৰ্থীয়ে মন্দিৰত প্ৰৱেশ কৰিব পাৰে।