১৫আগষ্টৰ দিনা এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে অসমৰ উগ্ৰপন্থী সংগঠন আলফা(স্বা)ই ৷ স্বাধীনতা দিৱসৰ দিনটো সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে উগ্ৰপন্থী সংগঠনটোৱে ৷ এক বিবৃতি যোগে ইতিমধ্যে প্ৰকাশ পাইছে ১৪তাৰিখে নিশা ১২ বজাৰ পৰা ১৫ আগষ্টৰ দিনা বিয়লি ৬বজালৈকে ঘোষণা কৰা এই বন্ধ কথা ৷ অৱশ্যে জৰুৰীকালিন বিভাগ ,সংবাদ মাধ্যম আৰু ধৰ্মীয় কামকাজৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা ৷ সংবাদ মাধ্যমলৈ এই সন্দৰ্ভত আলফা(স্বা),ৰ লগতে এন এছ চি এন আৰু জি পি আৰ এনে প্ৰেৰণ কৰিছে যৌথ বিবৃতি ৷
আনহাতে বিবৃতিখনত স্বাক্ষৰ কৰিছে আলফা (স্বা)ৰ কেপ্তেইন ৰোমেন অসমে ৷অসম,নাগালেণ্ড,মণিপুৰ ,ত্ৰিপুৰা আৰু মেঘালয়ত এই বন্ধৰ দিনটোত সৰ্বাত্মক বন্ধৰ আহ্বান জনাইছে আলফা(স্বাধীন)ই ৷ চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা কৰি সংবাদ মাধ্যমলৈ এই বিবৃতি প্ৰেৰণ কৰা হৈছে ৷