VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চীনক হেঁচা প্ৰয়োগ কৰিবলৈ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বৃদ্ধি পাব ঘনিষ্ঠতা , দুই দেশৰ প্ৰধানমন্ত্ৰীৰ বৈঠকত কি কি সিদ্ধান্ত লোৱা হ’ল !

voicedesk by voicedesk
March 11, 2023
in মুখ্য সংবাদ
চীনক হেঁচা প্ৰয়োগ কৰিবলৈ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বৃদ্ধি পাব  ঘনিষ্ঠতা , দুই দেশৰ প্ৰধানমন্ত্ৰীৰ বৈঠকত কি কি সিদ্ধান্ত লোৱা হ’ল !
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু অষ্ট্ৰেলিয়াই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ আধিপত্য হ্ৰাস কৰাৰ বাবে সহযোগিতা বৃদ্ধি কৰিছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা দ্বিপাক্ষিক সন্মিলন বৈঠকৰ পাছতে হায়দৰাবাদ হাউচত সাংবাদিকৰ আগত এই মন্তব্য অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে। কূটনৈতিক মহলে ভাবে যে এই বিষয়টো বৰ্তমানৰ ভূ-কৌশল কৌশলৰ প্ৰশ্নৰ লগত অতি প্ৰাসংগিক। দ্বিপাক্ষিক পৰ্যায়ত বিগত এটা বছৰত যিদৰে দুয়োখন দেশৰ ঘনিষ্ঠতা দ্ৰুতগতিত বৃদ্ধি পাইছে, সেইটোৱে জি জিনপিং চৰকাৰৰ ওপৰত কিছু হেঁচা প্ৰয়োগ কৰিছে।

 

বৈঠকৰ অন্তত মোদীয়ে কয়,’ নিৰাপত্তা বিষয়ত আমি এক ব্যাপক কৌশলগত সম্পৰ্ক গঢ়ি তুলিছো। আজি ভাৰত-প্ৰশান্ত মহাসাগৰীয় সহযোগিতাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।” তেওঁ আঙুলিয়াই দিয়ে যে চতুৰ্ভুজ অক্ষ কোৱাডৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সহযোগিতা উৎকৃষ্ট পর্যায়ত উপনীত হৈছে । অহা মে’ মাহত তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি কোৱাডৰ শীৰ্ষ নেতাসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে পুনৰ ভাৰতলৈ আহিব আলবানিজ।

 

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্পৰ্ক বহুস্তৰীয়। ইয়াৰ ভিতৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ সহযোগিতাও অন্তৰ্ভুক্ত। আমি আমাৰ অংশীদাৰিত্ব বৃদ্ধি কৰি এটা মুকলি, উদাৰ, আইনৰ শাসন ব্যৱস্থা থকা ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়িম।”

 

পিছত বৈদেশিক সচিব বিনয় কোৱাট্ৰাই সংবাদমেলত এই বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয়, ‘ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োখনেই সামুদ্ৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। দুয়োখন দেশৰ মাজত মালাবাৰ নৌসেনাৰ অনুশীলন অব্যাহত থাকিব। দুয়োখন দেশৰ শীৰ্ষ পৰ্যায়ৰ নৌসেনাৰ মাজত বিভিন্ন বিষয়ত আদান-প্ৰদান বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।“

 

আজি দ্বিপাক্ষিক বৈঠকৰ অন্তত দুয়োখন দেশৰ নেতাসকলে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ভিতৰত সৌৰশক্তিৰ ওপৰত যৌথ টাস্ক ফ’ৰ্চ গঠন, ক্ৰীড়াত সহযোগিতা, ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে পাৰস্পৰিক বিনিময় আদি অন্যতম। কূটনৈতিক শিবিৰৰ মতে অষ্ট্ৰেলিয়াই চীনৰ সৈতে বাণিজ্য হ্ৰাস কৰি এনে পৰিস্থিতিত ভাৰতৰ সৈতে বাণিজ্য বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। যোৱা বছৰৰ জুন মাহত অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে আলোচনাত ভাৰতলৈ আহি প্ৰতিৰক্ষা গৱেষণা আৰু দুয়োখন দেশৰ অংশীদাৰিত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

Previous Post

নতুন প্ৰজাতিৰ পইতাচোৰাৰ আৱিস্কাৰ , ‘ফেৰ’মোছা’ নামেৰে কিয় নামকৰণৰ কৰিলে বিজ্ঞানীয়ে !!

Next Post

আই পি এলতো কেৰিয়াৰ সামৰিব নেকি ধোনিয়ে ? শেষৰ বাবে দেখিব নেকি এমএছৰ বেটৰ যাদু !!

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আই পি এলতো কেৰিয়াৰ সামৰিব নেকি ধোনিয়ে ? শেষৰ বাবে দেখিব নেকি এমএছৰ বেটৰ যাদু !!

আই পি এলতো কেৰিয়াৰ সামৰিব নেকি ধোনিয়ে ? শেষৰ বাবে দেখিব নেকি এমএছৰ বেটৰ যাদু !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7