ৰঙা চীনৰ সেনাৰ সঘন আগ্ৰাসনৰ পৰা সৃষ্টি হোৱা ভাবুকি ৰোধ কৰিবলৈ ভাৰতে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ভাৰতে চীনৰ সীমান্তত ৰকেট বাহিনী গঢ়ি তুলিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ অতি শীঘ্ৰে ১২০টা বেলিষ্টিক মিছাইল ভাৰতীয় সেনাক প্ৰদান কৰা হ’ব ৷ হয়তো এই মিছাইলসমূহ চীনৰ সীমান্তত নিয়োজিত হ’ব পাৰে। সূত্ৰ অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে ১২০ টা কৌশলগত বেলিষ্টিক ক্ষেপণাস্ত্ৰ ক্ৰয়ৰ বাবে অনুমোদন জনাইছে। এই পৰিমাণৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰ পূৰ্ব পৰিকল্পিত ব্যৱহাৰৰ বাবে ক্ৰয়ৰ বাবে চৰকাৰে অনুমোদন জনাইছে।
শীৰ্ষ পৰ্যায়ৰ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা ইণ্ডিয়া টুডেই কয় , ‘ভাৰতীয় সেনাবাহিনীত ৰকেট বাহিনী গঢ়ি তোলাৰ পৰিকল্পনাই হঠাতে গতি লাভ কৰিছে। কেন্দ্ৰই ১২০টা প্ৰলয় বেলিষ্টিক মিছাইল ক্ৰয়ৰ বাবে অনুমোদন জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।“
কেন্দ্ৰই এই অনুমোদন দিয়াৰ পিছত মিছাইলৰ উৎপাদন পূৰ্ণগতিত আৰম্ভ কৰা হৈছে ৷অতি শীঘ্ৰে সেনাবাহিনীৰ হাতত অর্পন কৰা হ’ব মিছাইলসমূহ ৷ উল্লেখযোগ্য যে ভাৰতৰ তিনিটা সশস্ত্ৰ বাহিনীৰ প্ৰয়াত মুৰব্বী জেনেৰেল বিপিন ৰাৱটে সীমান্তত কৌশলগত ৰকেট বাহিনী নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। সেই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰই প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল।
কিছুদিন পূৰ্বে ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰে কৈছিল যে প্ৰয়াত জেনেৰেল ৰাৱটে সীমান্তত ৰকেট বাহিনী নিৰ্মাণৰ কাম যথেষ্ট পূর্বৰ পৰা আৰম্ভ কৰিছিল ৷ যোৱা বছৰৰ ডিচেম্বৰ মাহতো দুটা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰা হৈছিল। মন কৰিব যে বেলিষ্টিক মিছাইলে ১৫০ৰ পৰা ৫০০ কিলোমিটাৰ দূৰত্বত লক্ষ্যত আঘাত কৰিব পাৰে। পৃষ্ঠৰ পৰা পৃষ্ঠলৈ এই ক্ষেপণাস্ত্ৰই নিজৰ দিশ সলনি কৰিব পাৰে।