মহামাৰী আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধই সৃষ্টি কৰা প্ৰত্যাহ্বান নেওচি ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত সুস্থ হৈ উঠিছে। আমেৰিকাৰ বিখ্যাত বিত্তীয় সেৱা কোম্পানী “মৰ্গান ষ্টেনলি”ৰ শেহতীয়া প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। এই সংস্থাটোৰ মতে, আৰ্থিক বিকাশৰ ক্ষেত্ৰত ভাৰত ‘ইকুৱেল ওজন’ৰ পৰা ‘অভাৰৱেট’ স্তৰলৈ গতি কৰিছে।
‘অভাৰৱেট’ ৰেটিঙৰ অৰ্থ হ’ল মৰ্গান ষ্টেনলিৰ বিশেষজ্ঞসকলে ভৱিষ্যতে ভাৰতীয় অৰ্থনীতিৰ বিপুল বৃদ্ধিৰ সম্ভাৱনা দেখিছে। চীনৰ বিত্তীয় মন্দাৱস্থাৰ নেতিবাচক প্ৰভাৱ আৰু অধিক বৃদ্ধি পাব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে। জি জিনপিঙৰ দেশখনক ‘সমান ওজন’ৰ মৰ্যাদালৈ নমাই অনা হৈছে।
প্ৰতিবেদনত বিশ্বৰ অৰ্থনৈতিক উত্তেজনাৰ মাজতো ভাৰতৰ জিডিপি (মুঠ ঘৰুৱা উৎপাদন) বৃদ্ধিৰ হাৰ ধাৰাবাহিকভাৱে ৬.২ শতাংশৰ ওপৰত ‘আশাজনক’ বুলি অভিহিত কৰা হৈছে। প্ৰসংগক্ৰমে ২০২২-২৩ বিত্তীয় বৰ্ষত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ৭.২ শতাংশ হৈছেগৈ। ভাৰতৰ দৰে উন্নয়নশীল দেশৰ অৰ্থনীতিৰ এই দ্ৰুত উত্থানৰ কাৰণ কি? মৰ্গান ষ্টেনলিৰ মতে, ভাৰতে বিনিয়োগৰ পৰিমাণ বৃদ্ধিৰ বাবে চৰকাৰী পৰ্যায়ত কেইবাটাও গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও বৃহৎ জনশক্তি আৰু ডিজিটেল প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়াটোৱেও ভাৰতীয় অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিছে বুলি আমেৰিকান বিত্তীয় সেৱা প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে।
প্ৰসংগক্ৰমে বিশ্ব বেংক, আই এম এফ, ‘ব্লুমবাৰ্গ ইকনমিক্স’কে ধৰি বিভিন্ন বিত্তীয় আৰু পৰামৰ্শদাতা সংস্থাই ইতিমধ্যে জনাইছে যে মহামাৰী আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে অনিশ্চিত হৈ পৰা বিশ্ব অৰ্থনীতিত ভাৰত ব্যতিক্ৰমী। এইবাৰ সেই তালিকাত অন্তৰ্ভুক্ত হৈছে ‘মৰ্গান ষ্টেনলি’। যোৱা নৱেম্বৰ মাহত আমেৰিকান সংস্থাটোৱে কৈছিল যে আগন্তুক পাঁচ বছৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ গৈ আছে। কেৱল আমেৰিকা আৰু চীনহে ভাৰততকৈ আগত থাকিব ৷