সংবিধান দিৱসৰ লগত সংগতি ৰাখি আজি ইণ্ডিয়ান কাউন্সিল অৱ জুৰিষ্ট আৰু অল ইণ্ডিয়া বাৰ এছ’চিয়েশ্যনে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক ৰাষ্ট্ৰীয় আইন দিৱস বটাঁ প্ৰদান কৰে ৷
প্রশিক্ষণ, কর্মবাহিনী, আন্তঃগাঁথনি আৰু প্রযুক্তিৰ উন্নীতকৰণেৰে আধুনিক আৰু ভৱিষ্যতৰ আৰক্ষী ব্যৱস্থাৰ এক নতুন অধ্যায় আৰম্ভ কৰাৰ স্বীকৃতি স্বৰূপে মহন্তক এই বটাঁ প্ৰদান কৰা হয় ৷
এক টুইটযোগে বটাঁ গ্ৰহণৰ পাছত আৰক্ষী সঞ্চলাকপ্ৰধান গৰাকীয়ে কয় যে এই বঁটাৰে কেৱল এজন ব্যক্তিৰ প্ৰচেষ্টাক স্বীকৃতি দিয়া হোৱা নাই বৰঞ্চ সমগ্ৰ আৰ৭ী বাহিনীৰ প্ৰচেষ্টাক স্বীকৃতি প্ৰদান কৰা হৈছে ৷ এই বঁটাৰ জৰিয়তে সন্ত্ৰাসবাদী, ড্ৰাগছৰ অবৈধ সৰবৰাহকে ধৰি অপৰাধমূলক কাম কাজ নিয়ন্ত্ৰণ আদিৰ বিৰুদ্ধে যুঁজ দিওঁতে প্ৰদৰ্শন কৰা অসম আৰক্ষীৰ জোৱানসকলৰ ত্যাগ, ধৈর্য্য আৰু সাহসকিতাক বৈধতা প্ৰদান কৰা হৈছে ৷
এই বঁটাৰে সন্মানিত কৰাৰ বাবে আয়োজকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মহন্তই কয় –“ মোক এনে সন্মান তেওঁলোকে প্ৰদান কৰিলে। এনে স্বীকৃতি আৰু আশীৰ্বাদত মই সঁচাকৈয়ে অভিভূত হৈ পৰিছো।“