অর্থনৈতিক দুৰৱস্থাৰ বাবে অভূতপূর্ব অস্থিৰতাৰ সন্মুখীন হোৱা শ্ৰীলংকালৈ ভাৰতে প্ৰেৰণ নকৰে সেনা ৷ অশান্ত দেশখনলৈ ভাৰতে সেনা প্ৰেৰণ কৰিব বুলি প্ৰকাশ পোৱা বাতৰি ভাৰতীয় উচ্চায়ুক্তই আজি নাকচ কৰি কয় যে ভাৰতে শ্ৰীলংকাৰ গণতন্ত্ৰ, স্থিৰতা আৰু অৰ্থনৈতিক পুনৰুদ্ধাৰক সম্পূৰ্ণ সমৰ্থন কৰে ।তদুপৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষ আৰু তেওঁৰ পৰিয়ালে ভাৰতত আশ্ৰয় লোৱা বুলি ওলোৱা বাতৰিও উচ্চায়ুক্তই অস্বীকাৰ কৰিছে ৷
উল্লেখ্য যে সোমবাৰে পদত্যাগ কৰাৰ পিছৰে পৰা মহিন্দা ৰাজপাক্ষই তেওঁৰ কাৰ্যালয়-তথা-চৰকাৰী বাসগৃহ ‘টেম্পল ট্ৰিজ’ এৰি গোপন স্থানত আশ্ৰয় গ্ৰহণ কৰিছে ৷ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে মঙলবাৰে কয়: “ভাৰত সদায় গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে শ্ৰীলংকাৰ জনসাধাৰণৰ সৰ্বশ্ৰেষ্ঠ স্বাৰ্থৰ বাবে থিয় হ’ব ৷”
উল্লেখ্য যে দ্বীপ ৰাষ্ট্ৰখনত অর্থনৈতিক দুৰৱস্থাৰ বাবে দেশজুৰি জনসাধাৰণে হিংসাত্মক প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰিছে ৷