আত্মনির্ভৰ ভাৰত অভিযানৰ জৰিয়তে আমদানিকৃত সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰি স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ বিশেষকৈ চীনত নির্মিত সামগ্ৰীৰ ওপৰত দেশৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে ৷ তৎস্বত্বেও, চুবুৰীয়া চীনৰ সৈতে ভাৰতৰ বাণিজ্য ঘাটি বিগত এবছৰত অভিলেখসংখ্যক ৭৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে ৷
জি এ চি চিৰ তথ্য অনুসৰি ২০২১ চনৰ এপ্ৰিলৰ পৰা বিগত মার্চৰ ভিতৰত চীনলৈ ভাৰতৰ পৰা ৰপ্তানি কৰা হৈছিল ২৬.৪৬ বিলিয়ন ডলাৰ ৷ আনহাতে চীনৰ পৰা ভাৰতলৈ আমদানি এই সময়ছোৱাত ১০৩.৪৭ ডলাৰ আছিল।
ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ৰ অধীনৰ শীৰ্ষ বাণিজ্য প্ৰচাৰ সংস্থা ফেডাৰেচন অফ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেচন (এফআইইঅ’)ৰ মতে, বৈদ্যুতিক সামগ্ৰী, যন্ত্ৰপাতি আৰু সাৰ হৈছে চীনৰ পৰা ভাৰতে আমদানি কৰা প্ৰধান সামগ্ৰী ৷ বৈদ্যুতিক সামগ্ৰী আৰু যন্ত্ৰপাতি দেশখনৰ পৰা ভাৰতলৈ মুঠ আমদানিৰ পৰিমাণ প্ৰায় ৫০ শতাংশ ৷
ভাৰতীয় বাণিজ্য মন্ত্ৰালয়ে এই বছৰৰ ফেব্ৰুৱাৰী লৈকে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি এতিয়ালৈকে বাণিজ্য ঘাটি হৈছে প্ৰায় ৬৫.৩৪ বিলিয়ন ডলাৰ।বাণিজ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৮-১৯ বৰ্ষত বাণিজ্য ঘাটি আছিল ৫৩.৫৭ বিলিয়ন ডলাৰ, ২০১৯-২০ বৰ্ষত ৪৮.৬৫ বিলিয়ন ডলাৰ আৰু ২০২০-২১ বৰ্ষত ৪৪.০২ বিলিয়ন ডলাৰ।