আজি এটা আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী ৷ জানিবপৰা মতে আৰক্ষীৰ দলটোৱে অসম আৰু মণিপুৰৰ পৰা উদ্ধাৰ কৰিছে ছয়খনকৈ বাহন ৷
জানিব পৰা মতে উক্ত অভিযানটোত গুৱাহাটীৰ গীতানগৰ অঞ্চলৰ পৰা গাড়ী চুৰি ৰেকেটটোৰ সৈতে জড়িত মুল অভিযুক্ত বিকাশ তালুকদাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।সূত্ৰঅনুসৰি, অভিযুক্তজনে লীজত বাহন ক্ৰয় কৰিছিল আৰু অবৈধভাৱে সেইবোৰ বিক্ৰী কৰিছিল আন ৰাজ্যত।
আনহাতে গুৱাহাটীত বশিষ্ঠ অঞ্চলৰ পৰা ইতিমধ্যে তিনিখন ‘টাটা দি’ পিকআপ ভান উদ্ধাৰ কৰিছে আৰক্ষীয়ে।ইফালে মণিপুৰৰ পৰা দুখন বোলেৰো পিকআপ ভান আৰু এখন টাটা বাহন উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে কয় যে এই ৰেকেটটোৰ সৈতে জড়িত আৰু দুজন অভিযুক্ত গৌৰৱ সিং আৰু হৰেন কলিতা বৰ্তমান পলাতক হৈ আছে ৷ অৱশ্যে তেওঁলোকক ধৰিবলৈ আৰক্ষীৰ চেষ্টা এতিয়াও অব্যাহত আছে।
এই মাহৰ আৰম্ভণিতে, মহানগৰ আৰক্ষীয়ে গীতানগৰ অঞ্চলত গাড়ী চোৰৰ এটা দল উৎখাত কৰিছিল আৰু নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুজন গাড়ী চোৰক আটক কৰিবলৈ সক্ষম হৈছিল। আনহাতে অনুসন্ধানৰ পিছত একে ৰাতিয়েই আৰু চাৰিজন গাড়ী চোৰক গ্ৰেপ্তাৰ কৰা হৈছিল।
সূত্ৰ অনুসৰি, এই গাড়ী চুৰি চক্ৰটো নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহক চুৰি বাহন বিক্ৰী কৰাৰ সৈতে জড়িত আছিল।