VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দীঘলী পুখুৰীৰ পাৰৰ ৱাৰ মেম’ৰিয়েলত কাৰ্গিল বিজয় দিৱস পালন , সশ্ৰদ্ধ স্মৰণ বীৰ জোৱানক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 26, 2022
in মুখ্য সংবাদ
দীঘলী পুখুৰীৰ পাৰৰ ৱাৰ মেম’ৰিয়েলত  কাৰ্গিল বিজয় দিৱস পালন  , সশ্ৰদ্ধ স্মৰণ বীৰ জোৱানক
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ দীঘলিপুখুৰীস্থিত ’ষ্টেট ৱাৰ মেম’ৰিয়েল’ত সৈনিক ৱেলফেয়াৰ অসমৰ উদ্যোগত আয়োজিত কাৰ্গিল বিজয় দিৱসত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে ৷ তেওঁ  কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱানসকলক স্মৰণ কৰি ’অমৰ জোৱান’ত পুষ্পাঞ্জলী অৰ্পণ কৰে | ১৯৯৯ চনত কাৰ্গিল যুদ্ধত প্ৰাণ হেৰুওৱা সৈনিকসকলক স্মৰণ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতীয় সেনাবাহিনীৰ অপৰিসীম ত্যাগ, কষ্ট আৰু দেশপ্ৰেমক তেঁও শ্ৰদ্ধা কৰে আৰু এনেদৰে কাৰ্গিল বিজয় দিৱসত অংশ লবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছে |

অনুষ্ঠানটোত নিজৰ বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ ভাৰতবৰ্ষৰ সেনাবাহিনীৰ আটাইতকৈ ডাঙৰ বিশেষত্ত্ব হৈছে যে তেঁওলোকে কেতিয়াও ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ পেলাবলৈ অথবা দখল কৰিবলৈ প্ৰয়াস কৰা নাই ৷ ভাৰতৰ সীমামূৰীয়া আন দেশত কৰাৰ দৰে ভাৰতৰ সেনাবাহিনীয়ে স্বাধীনতাৰ ৭৫ বছৰীয়া ইতিহাসত এদিনৰ বাবেও ৰাষ্ট্ৰৰ ক্ষমতাত অধিষ্ঠিত হ’বলৈ প্ৰয়াস কৰা নাই | এই বিশেষত্বৰ বাবে ভাৰতীয় সেনা সদায়ে অনন্য বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে | ভাৰতে সাধাৰণতে প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থান বিচাৰে যদিও সময়ে সময়ে প্ৰতিবেশী ৰাষ্ট্ৰৰ কিছু প্ৰৰোচনামূলক কাৰ্যৰ বাবে আৰু দেশৰ অখণ্ডতা তথা সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত যুদ্ধত অৱতীৰ্ণ হ’ব লগাত পৰে৷  এই ক্ষেত্ৰত দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে সেনাবাহিনীয়ে অপৰিসীম ত্যাগ স্বীকাৰ কৰিব লগা হৈছে বুলি উল্লেখ কৰি তেঁওলোকৰ এনে ত্যাগক মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰে কৃতজ্ঞতা জনায় |  আনহাতে বানপানী, ভূমিকম্প অথবা আন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেনাবাহিনীয়ে সাধাৰণ জনগণৰ সুৰক্ষাৰ বাবে আগবঢ়োৱা সেৱাৰ কথাও নিজৰ বক্তব্যত উল্লেখ কৰে হাজৰিকাই |

আজিৰ কাৰ্গিল বিজয় দিৱস অনুষ্ঠানৰ প্ৰাৰম্ভতে মুখ্য অতিথি মন্ত্ৰী হাজৰিকাই কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা অসমৰ জোৱান উদ্ধৱ দাসৰ বীৰ মাতৃ খৰ্গেশ্বৰী দেৱী আৰু কাৰ্গিল যুদ্ধত পৰাক্ৰমেৰে অৱতীৰ্ণ হোৱা অৱসৰপ্ৰাপ্ত কৰ্ণেল ডি. কে. বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে | উল্লেখযোগ্য যে কাৰ্গিল যুদ্ধত অসমৰ তিনিগৰাকী বীৰ জোৱানে প্ৰাণ আহুতি দিছিল | তেঁওলোক আছিল কেপ্তেইন জিন্তু গগৈ, উদ্ধৱ দাস আৰু হাবিললদাৰ নাৰাইন সিংহ | ১৯৯৯ চনত কাৰ্গিলত পাকিস্তানৰ বিৰুদ্ধে হোৱা প্ৰায় ৬৭ দিনীয়া এই যুদ্ধত অসমৰ তিনিজনকে ধৰি দেশৰ ৬৭৬ জন জোৱান শ্বহীদ হৈছিল | অসমৰ সৈনিক ৱেলফেৱাৰ সঞ্চালকালয়ৰ উদ্যোগত বিগত ২০১৮ চনৰে পৰা দীঘলীপুখুৰীৰ পাৰত কাৰ্গিল বিজয় দিৱস আয়োজন কৰি অহা হৈছে |

আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে শ্বহীদ জোৱান উদ্ধৱ দাসৰ বীৰ মাতৃ খৰ্গেশ্বৰী দেৱী, কাৰ্গিল যুদ্ধত পৰাক্ৰমেৰে অৱতীৰ্ণ হোৱা অৱসৰপ্ৰাপ্ত কৰ্ণেল ডিকে বৰা, সৈনিক ৱেলফেৱাৰ অসমৰ সঞ্চালক অৱসৰপ্ৰাপ্ত ব্ৰিগ্ৰেডিয়াৰ যোশী নাৰায়ন দত্ত, গুৱাহাটী লায়ন্স ক্লাৱৰ বিষয়ববীয়া, কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত সেনাবিষয়া তথা জোৱান আৰু বৰ্তমানে সেনাবাহিনীত কৰ্মৰত বিষয়া তথা জোৱানে অংশ গ্ৰহণ কৰে |

Previous Post

সেউজীয়া হাইড্ৰ’জেনৰ পৰা ভৱিষ্যতৰ বিনিয়োগলৈকে, কি ক’লে গৌতম আদানীয়ে ?

Next Post

গুৱাহাটীত আন্তঃৰাজ্যিক গাড়ী চুৰি ৰেকেট উৎখাত

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
গুৱাহাটীত আন্তঃৰাজ্যিক গাড়ী চুৰি ৰেকেট উৎখাত

গুৱাহাটীত আন্তঃৰাজ্যিক গাড়ী চুৰি ৰেকেট উৎখাত

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7