হিজাব বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অপৰাধত এজন যুৱকক ফাঁচী দিয়াৰ পিছত ইৰাণত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে বিয়লিৰ পৰা ৰাজধানী তেহৰাণকে ধৰি দেশৰ কেইবাখনো চহৰত সমবেত হয় বিক্ষোভকাৰী। তেহৰাণৰ সত্তাৰ খান ষ্ট্ৰীটত আৰম্ভ হৈছে পথ অৱৰোধ। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজতো সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে।
তেহৰাণ প্ৰশাসনে জনোৱা মতে, চৰকাৰ বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ “অপৰাধ”ৰ বাবে বৃহস্পতিবাৰে ২৩ বছৰীয়া মহছিন শ্বেকাৰীক ফাঁচী দিয়া হৈছিল। সেই দেশত চৰকাৰ বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল যুৱকজনক। এই ঘটনাৰ বাবে দেশখনত প্ৰতিবাদ বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
উল্লেখ্য যে যোৱা ২২ ছেপ্টেম্বৰত ইৰাণৰ আৰক্ষীয়ে হিজাব পৰিধান নকৰাৰ অভিযোগত মাহছা আমিনি নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছিল। গাড়ীৰে তেওঁক থানালৈ লৈ যোৱা হয়। দুঘণ্টাৰ পিছত তেওঁৰ পৰিয়ালক খবৰ দিয়া হয় যে মাহছাৰ হৃদৰোগত মৃত্যু হৈছে। কিন্তু মাহছাক হত্যা কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে। মাহছাৰ মৃত্যুৰ পিছত ইৰাণত প্ৰতিবাদৰ সূত্ৰপাত হয়। দেশৰ কমেও ৫০খন চহৰ আৰু গাঁৱত মহিলাসকলে হিজাব খুলি চুলি কাটি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে ইৰাণৰ “গতানুগতিক” ধৰ্মীয় আচৰণৰ বিৰোধিতা কৰে।
ইয়াৰ পিছতে হিজাব বিৰোধী প্ৰতিবাদ ক্ৰমান্বয়ে দেশৰ প্ৰধান ধৰ্মগুৰু আয়াতুল্লাহ আলী খোমেইনীৰ তিনি দশকৰ “অত্যাচাৰী” শাসনৰ অন্ত পেলোৱাৰ দাবীত আন্দোলনলৈ পৰিণত হয়। পুৰুষেও প্ৰতিবাদী কার্যসূচীত অংশ গ্ৰহণ কৰিছে । ইৰাণৰ দাবী যে মহছিনো সেই গোটত আছিল। এতিয়াও আৰক্ষীৰ জিম্মাত আছে কেইবাজনো প্ৰতিবাদকাৰী। ইৰাণৰ মানৱ অধিকাৰ কৰ্মীসকলেও আশংকা কৰিছে যে তেওঁলোককো ফাঁচী দিয়া হ’ব পাৰে।