ভাৰত-চীন সীমান্তত দুই দেশৰ সেনাৰ মাজত সময়ে সময়ে সংঘর্ষ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে ইণ্ডোনেছিয়াৰ বালিত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰী ওৱাং ইক সাক্ষাৎ কৰে। এই বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ বিষয় আলোচনা কৰা হয় ৷ বিশেষকৈ পূব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) বাকী থকা সকলো সমস্যাৰ আগতীয়া সমাধানৰ বাবে বৈদেশিক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
জয়শংকৰে কয় যে ভাৰত-চীনৰ সম্পৰ্ক তিনিটা পাৰস্পৰিকতা ক্ৰমে পাৰস্পৰিক সন্মান, পাৰস্পৰিক সংবেদনশীলতা আৰু পাৰস্পৰিক স্বাৰ্থ — পৰ্যবেক্ষণ কৰি আগবাঢ়ি আহিছে ৷ সীমান্ত পৰিস্থিতিৰ সৈতে জড়িত দ্বিপাক্ষিক সম্পৰ্কত “নিৰ্দিষ্ট বাকী থকা বিষয়”সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । ছাত্ৰ-ছাত্ৰী আৰু বিমান সেৱাকে ধৰি বিষয়সমূহৰ ওপৰতো আলোচনা কৰা হৈছে ৷
চলিত বৰ্ষৰ মাৰ্চ মাহত চীনৰ বৈদেশিক মন্ত্ৰীৰ ভ্ৰমণৰ সময়ত দিল্লীত শেষবাৰৰ বাবে বৈঠকত মিলিত হৈছিল জয়শংকৰ আৰু ওৱাং।জি-২০ৰ সন্মিলনত অংশগ্ৰহণৰ বাবে বালিত উপস্থিত হৈছে জয়শংকৰ ৷
বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত দুয়গৰাকী মন্ত্ৰীৰ বৈঠক সন্দর্ভত কয় – “তেওঁ দ্বিপাক্ষিক চুক্তি, প্ৰট’কলসমূহ আৰু দুয়োজন মন্ত্ৰীৰ মাজত তেওঁলোকৰ পূৰ্বৰ কথা-বতৰাৰ সময়ত হোৱা বুজাবুজিসমূহ সম্পূৰ্ণৰূপে মানি চলাৰ গুৰুত্ব পুনৰ দৃঢ়তাৰে উল্লেখ কৰে ৷ । এই সন্দৰ্ভত দুয়োজন মন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে দুয়োপক্ষৰ সামৰিক আৰু কূটনৈতিক বিষয়াসকলে নিয়মীয়া যোগাযোগ বজাই ৰাখিব লাগে আৰু আগতীয়াকৈ পৰৱৰ্তী ৰাউণ্ডৰ জ্যেষ্ঠ কামাণ্ডেণ্টসকলৰ বৈঠকৰ বাবে আগ্ৰহী।”