VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২ অক্টোবৰৰ পৰা কেনেকৈ কাগজবিহীন হ’ব অসম সচিবালয় ?

৫ আগষ্টৰ পৰা ৰাজ্যিক সচিবালয়ত আৰম্ভ ফাইল নিষ্পত্তি প্ৰক্ৰিয়া

voicedesk by voicedesk
August 1, 2022
in মুখ্য সংবাদ
২ অক্টোবৰৰ পৰা কেনেকৈ কাগজবিহীন হ’ব অসম সচিবালয় ?
0
SHARES
41
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা জনতা ভৱন  অৰ্থাৎ অসম সচিবালয়ক কাগজবিহীন কৰি তুলিবলৈ ৫ আগষ্টৰ পৰা আৰম্ভ হ’ব ফাইল নিষ্পত্তি প্ৰক্ৰিয়া। আজি গুৱাহাটীৰ জুৰিপাৰৰ জিয়াজুৰী ভৱনত বিজেপিৰ ১৭১ সংখ্যক বুথ কমিটিৰ কাৰ্যালয়ত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ কাৰ্যসূচীৰ কথা শুনাৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  বিভিন্ন  বিষয় সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

উল্লেখ্য যে  মুখ্যমন্ত্ৰী গৰাকীয়ে ১ আগষ্টত ‘ভূমিপুত্ৰ মিছন’ নামৰ এটা পৰ্টেল উদ্বোধন কৰিব। এই পৰ্টেলৰ জৰিয়তে  প্ৰাৰ্থীসকলৰ দ্বাৰা অনলাইন আবেদন কৰাৰ এমাহৰ ভিতৰত চৰকাৰে অনলাইনযোগে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ’বিচিৰ প্ৰমাণপত্ৰ জাৰী কৰিব। আনহাতে ৰাজ্যখনৰ জিলা উপায়ুক্তসকল ১ আগষ্টৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ বিদ্যালয় সমূহলৈ যাব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ ৰাজ্য চৰকাৰে ৫ আগষ্টত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ  মৃত্যু বাৰ্ষিকী  ‘জনকল্যাণ দিৱস’ হিচাপে পালন কৰিব। এই দিনটোৰ উদ্দেশ্য হ’ব সৎ কৰ্মচাৰীসকলক পুৰষ্কাৰেৰে সন্মান জনোৱাৰ লগতে তেওঁলোকৰ সেৱাৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰা। প্ৰতিখন জিলাৰ তিনিজন বিষয়া আৰু ৰাজ্যিক পৰ্যায়ৰ কাৰ্যালয়ৰ দহজন বিষয়াই এই বিৰল সন্মান লাভ কৰিব।

আন এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি তেওঁ কয় যে   ২০২২ চনৰ ২ অক্টোবৰৰ পৰা জনতা ভৱনক কাগজবিহীন  হিচাপে পৰিৱৰ্তিত কৰাৰ অভিযানক বাস্তৱত পৰিণত কৰাৰ বাবে ৫ আগষ্টৰ পৰা ৰাজ্যিক সচিবালয়ত ফাইল নিস্পত্তিকৰণৰ কাম আৰম্ভ হ’ব ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে  কয়  যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক কাৰ্যালয়ৰ ফাইলসমূহক তেওঁলোকৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি এ, বি, চি আৰু ডি শ্ৰেণীত শ্ৰেণীবদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। এ শ্ৰেণীত বৰ্তমানৰ ফাইলবোৰ অন্তৰ্ভুক্ত হ’ব  যাৰ সংখ্যা প্ৰায় ৪৮,০০০তকৈও অধিক। আনহাতে শ্ৰেণী বি আৰু চি-ত পুৰণি ফাইল সমূহ থাকিব   ১২ বছৰৰ পিছত যিবোৰৰ নিষ্কাষণৰ বাবে নিৰ্দিষ্ট ঠাই আৰু পেকিঙৰ  প্ৰয়োজন ৷ আনহাতে  ডি শ্ৰেণীৰ ফাইলবোৰ অতি পুৰণি। মুঠতে, ৰাজ্যিক সচিবালয়ত প্ৰায় দুই লাখ ফাইল আছে যাক অতি শীঘ্ৰেই  নিষ্পত্তি কৰা হ’ব।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে ২ অক্টোবৰৰ পৰা জনতা ভৱনে কোনো ধৰণৰ আবেদন আৰু স্মাৰকপত্ৰৰ হাৰ্ড কপি লাভ নকৰিব। আবেদনকাৰীসকলে অনলাইনত আবেদন দাখিল কৰিব লাগিব। আনহাতে তেওঁলোকে তেওঁলোকৰ ফাইলবোৰৰো  অনলাইনত চলাচল অনুসৰণ কৰিব পাৰিব।

Previous Post

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত এতিয়াও খালী হৈ আছে বিভিন্ন পদ

Next Post

ৰঙিয়াত নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰঙিয়াত নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি

ৰঙিয়াত নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7