কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ নতুন মুখ্য কাৰ্যবাহী হ’ব জীৱেশ ৰায় ৷ শুকুৰবাৰে তেওঁক এই পদত নিযুক্তি দিয়া হয় ৷ ৰাজ্যপালে এক অধিসূচনাযোগে জীৱেশ ৰায়ক কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে নিযুক্তি দিয়ে ।
উল্লেখ্য যে পূৰ্বতে গোকুল বৰ্মন কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু গোকুল বৰ্মৰ নাম নাৰীজনিত কেলেংকাৰীত সাঙোৰ খাই পৰাত তীব্ৰ বিতর্কৰ সূচনা হয় ৷ যাৰ ফলত তেওঁ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়।
গোকুল বৰ্মনৰ পদত্যাগৰ পিছত যোৱা কিছুদিন ধৰি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পদটো খালী হৈ আছিল ৷ ইয়াৰ পূৰ্বে জীৱেশ ৰায় কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ৰাজ্যিক বিজেপিৰ এগৰাকী যুৱ নেতা হিচাপে পৰিচিত আছিল। জীৱেশ ৰায়ৰ ঘৰ কোকৰাঝাৰ -ধুবুৰী সীমান্তবৰ্তী শাশাৰগাঁও প্ৰথম খণ্ডত। জীৱেশ ৰায় কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰাত বহু দল-সংগঠনৰ নেৰ্তৃবৰ্গই অভিনন্দন জ্ঞাপন কৰিছে ৷