গুৱাহাটীত সংশ্লিষ্ট কতৃপক্ষৰ অনুমতি অবিহনে ভূগর্ভস্থ পানী আহৰণ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নির্দেশ দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ এনেদৰে বেআইনী আৰু অনিয়ন্ত্ৰিত ভাৱে পানীৰ আহৰণে ভৱিষ্যতে পাৰিপার্শ্চিক সমস্যাৰ লগতে ভূ-গর্ভস্থ জলপৃষ্ঠ হ্ৰাস, পানী প্ৰদুষণ আৰু পানীৰ মান হ্ৰাস কৰিব বুলি আশংকা কৰি এই নির্দেশ জাৰি কৰিছে প্ৰশাসনে ৷ দুর্যোগ ব্যৱস্থাপনা আইনৰ ৩০.২(iii),(iv),(xx),(xxii) , ৪১(চি),অৰু ৪১.২ ধাৰাৰ অধীনত লাভ কৰা ক্ষমতাৰ অধীনত এই নির্দেশ জাৰি কৰে ৷ এই নির্দেশৰ পাছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অধীনস্থ কোনো এলেকাত কেন্দ্ৰীয় ভূ-গর্ভস্থ জল ব’র্ডৰ অনুমতি অবিহনে কোনো ব্যক্তি, বিল্ডাৰ অথবা ছছাইটিয়ে ভূগর্ভস্থ পানী আহৰণ কৰিব নোৱাৰিব ৷ ইয়াৰ বাবে এন অ’ চি বিচাৰি অনলাইন আবেদন কৰিব পাৰিব ৷ নিয়ম ভংগকাৰীসকলৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিবলৈ উপা্যুক্তই জি এম চিক নির্দেশ দিছে ৷