পঞ্জাৱকে ধৰি পাঁচখন ৰাজ্যৰ নির্বাচনত শোচনীয় পৰাজয়ৰ পাছতে কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে দেওবাৰে পাঁচ ঘণ্টাজোৰা এক বৈঠক অনুষ্ঠিত কৰিছিল ৷ এই বৈঠকত ছোনিয়া গান্ধীৰ নেতৃত্বৰ ওপৰত তেওঁলোকে পুনৰ আস্থা প্ৰকাশ কৰে ৷ কিন্তু এই সিদ্ধান্তত প্ৰতিজন কংগ্ৰেছী এতিয়াও সুখী নহয়। জ্যেষ্ঠ নেতা কপিল চিব্বালে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয় যে গান্ধীয়ে নেতৃত্বৰ পদৰ পৰা আঁতৰি আহি আনক সুযোগ দিয়াৰ সময় আহি পৰিছে। তেওঁ লগতে কয়, “গান্ধী স্বেচ্ছাই আঁতৰি যোৱা উচিত ৷ কিয়নো তেওঁলোকৰ দ্বাৰা মনোনীত এখন কমিটীয়ে কেতিয়াও নকয় যে তেওঁলোকে ক্ষমতাৰ শাসনভাৰ ধৰি ৰাখিব নালাগে।”ৰাহুল গান্ধীক দলৰ মুৰব্বী হিচাপে ঘূৰাই আনিবলৈ একাংশই কৰি অহা দাবীৰ বিষয়ে সোধাত কপিল চিব্বলে কয় যে ৰাহুল গান্ধী ইতিমধ্যে দলৰ “প্ৰকৃত সভাপতি” যিয়ে সকলো সিদ্ধান্ত গ্ৰহণ কৰে ৷
চিব্বালে কয় “ৰাহুল গান্ধীয়ে পঞ্জাৱলৈ গৈ ঘোষণা কৰিছিল যে চৰণজিৎ সিং চান্নী মুখ্যমন্ত্ৰী হ’ব। তেওঁ সেই ঘোষণা কি ক্ষমতাৰ অধীনত কৰিছিল? তেওঁ দলৰ সভাপতি নহয়, কিন্তু তেওঁ সকলো সিদ্ধান্ত লয়। তেওঁ ইতিমধ্যে প্ৰকৃত অধ্যক্ষ। তেন্তে কিয় দাবী উত্থাপন হৈছে যে তেওঁক পুনৰ ক্ষমতাৰ শাসনভাৰ ঘূৰাই দিব লাগে?” কপিল চিব্বালে লগতে কয় যে তেওঁ “ঘৰ কি কংগ্ৰেছ”ৰ বিপৰীতে “সব কি কংগ্ৰেছ” বিচাৰে।তেওঁ কয় “মই মোৰ শেষ নিশ্বাসলৈকে সব কি কংগ্ৰেছ’ৰ বাবে যুঁজ দিম। এই ‘সব কি কংগ্ৰেছ’ৰ অৰ্থ হৈছে ভাৰতৰ সেই সকলো লোকক একত্ৰিত কৰা যিসকলে বিজেপি শাসনলৈ অহাটো নিবিচাৰে ৷” ২০২০ চনত কংগ্ৰেছৰ ২৩ জন জ্যেষ্ঠ নেতাই ছোনিয়া গান্ধীলৈ দলত বৃহৎ পৰিৱৰ্তন বিচাৰি লিখা এখন পত্ৰৰ অন্যতম স্বাক্ষৰকাৰী আছিল কপিল চিব্বাল।