কৰিমগঞ্জ আৰক্ষীৰ অন এক সাফল্য ৷ কৰিমগঞ্জ আৰক্ষীয়ে অসম-ত্ৰিপুৰা সীমান্তত দুখন ডাম্পাৰ ট্ৰাকৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে ১০০৩ কিলোগ্ৰাম ওজনৰ গাঞ্জা ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ত্ৰিপুৰাৰ পৰা আহি আছিল দুয়োখন ডাম্পাৰ ট্ৰাক ।
চৰাইবাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া নিৰঞ্জন দাসে কয় যে, “ত্ৰিপুৰাৰ পৰা অহা অসম-ত্ৰিপুৰা সীমান্তৰ চৰাইবাৰী অঞ্চলত আৰক্ষীৰ দলটোৱে দুখন ডাম্পাৰ ট্ৰাক ৰখাইছিল।তালাচীৰ সময়ত আমি এখন ডাম্পাৰৰ ভিতৰত এটা গোপন চেম্বাৰ পাইছিলোঁ। যেতিয়া আমি দ্বিতীয় ডাম্পাৰখন তালাচী ল’বলৈ আগবাঢ়িছিলো চালকজন অঞ্চলটোৰ পৰা পলাই গৈছিল। আমি এখন ট্ৰাকৰ পৰা ৭৬৩ পেকেট গাঞ্জা উদ্ধাৰ কৰিছিলোঁ। আমি দুয়োখন বাহনৰ পৰা মুঠ ১০০৩ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিছোঁ” ।
অৱশ্যে আৰক্ষীয়ে লিটন সৰকাৰ নামৰ এজন ট্ৰাক চালকক ইতিমধ্যে আটক কৰিছে।
উক্ত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু অব্যাহত আছে তদন্ত ।
উক্ত ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটযোগে কয় যে “এটা বৃহৎ কেচত, কৰিমগঞ্জ পুলিছে চুবুৰীয়া ৰাজ্যৰ পৰা অহা দুখন ডাম্পাৰৰ ভিতৰত ১০০৩ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিছে। অভিযানৰ সময়ত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অসমপুলিচ, ই এক উল্লেখযোগ্য কাম ,ইয়াক অব্যাহত ৰাখক “।
In a massive catch, @karimganjpolice has recovered 1003 kgs Ganja welded inside the body of two dumpers coming from a neighbouring state.
One accused has been arrested during the operation.
Remarkable job @assampolice, Keep it up!@DGPAssamPolice pic.twitter.com/eSIimQzp53
— Himanta Biswa Sarma (@himantabiswa) June 17, 2022