কর্ণাটকৰ এজন বিজেপি বিধায়কৰ আমোলা পুত্ৰৰ ঘৰত নগদ ছয় কোটি টকা উদ্ধাৰ হোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে ৷ এদিন পূর্বে উৎকোচ লওতে হাতে লোটে গ্ৰেপ্তাৰ হৈছিল বিধায়ক জনৰ পুত্ৰ ৷ ইয়াৰ পাছতে তেওঁৰ বাসগৃহত অভিযান চলোৱা হৈছিল ৷ এবছৰৰ পাছতে নির্বাচন অনুষ্ঠত হ’বলগীয়া ৰাজ্যখনত এই ঘটনাক লৈ বিপদত পৰিছে শাসকীয় বিজেপি ৷
লোকায়ুক্তৰ দুৰ্নীতি বিৰোধী শাখাই বিজেপি বিধায়ক মদল বিৰুপক্ষপ্পাৰ পুত্ৰ প্ৰশান্ত মাদলৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমানৰ ধন উদ্ধাৰ কৰে ৷ গভীৰ নিশালৈকে অভিযান অব্যাহত থাকে ৷
দৱনাগেৰে জিলাৰ চান্নাগিৰিৰ বিধায়ক মদল বিৰুপাক্ষপ্পা বিখ্যাত মহীশূৰ চন্দন চাবোন নিৰ্মাণ কৰা চৰকাৰী কৰ্ণাটক চাবোন আৰু ডিটাৰজেন্ট লিমিটেড (কে এছ ডি এল)ৰ অধ্যক্ষ। তেওঁৰ পুত্ৰ বাংগালুৰু পানী যোগান আৰু নলা-নৰ্দমা ব’ৰ্ড (বিডব্লিউএছএছবি)ৰ মুখ্য একাউণ্টেণ্ট।
বৃহস্পতিবাৰে কৰ্ণাটক লোকায়ুক্তৰ বিষয়াসকলে ৪০ লাখ উৎকোচ লৈ থকা অৱস্থাত কে এছ ডি এলৰ কাৰ্যালয়ত বিৰুপাক্ষপ্পাৰ পুত্ৰক গ্ৰেপ্তাৰ কৰে। কাৰ্যালয়টোত কমেও তিনি বেগ নগদ ধন উদ্ধাৰ হৈছে ৷ য’ৰ পৰা ১.৭৫ কোটি টকা জব্দ কৰা হৈছে বুলি বিষয়াসকলে জনায়।
কৰ্ণাটক লোকায়ুক্তই কয় “কালি লোকায়ুক্তৰ দুৰ্নীতি বিৰোধী শাখাই বিজেপিৰ বিধায়ক মদল বিৰুপক্ষপ্পাৰ পুত্ৰ প্ৰশান্ত মাদালক ৪০ লাখ টকা উৎকোচ লওঁতে গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ কাৰ্যালয়ৰ পৰা ১.৭ কোটি টকা উদ্ধাৰ কৰা হয়।”
২০০৮ চনৰ কৰ্ণাটক প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰশান্ত মডালে চাবোন আৰু অন্যান্য ডিটাৰজেণ্ট নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ চুক্তিৰ বাবে ঠিকাদাৰৰ পৰা ৮১ লাখ টকাৰ ধন দাবী কৰাৰ অভিযোগত তেওঁলোকক খবৰ দিয়া হৈছে বুলি দুর্নীতি নিবাৰক শাখাই সদৰী কৰিছে ৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাইয়ে কয় যে ইয়াৰ স্বতন্ত্ৰ তদন্ত কৰিব। দুৰ্নীতি ৰোধৰ বাবে আমি লোকায়ুক্ত পুনৰ প্ৰতিষ্ঠা কৰিছো। কংগ্ৰেছৰ শাসনৰ সময়ত লোকায়ুক্ত ভংগ হোৱাৰ লগে লগে বহু গোচৰ বন্ধ হৈছিল। যিবোৰ গোচৰ বন্ধ হৈছিল সেইবোৰৰ আমি তদন্ত কৰিম। লোকায়ুক্ত এটা স্বতন্ত্ৰ প্ৰতিষ্ঠান আৰু আমাৰ স্থিতি স্পষ্ট। স্বতন্ত্ৰভাৱে তদন্ত কৰক আৰু আমি ইয়াত হস্তক্ষেপ নকৰো।’