ক’ভিড মহামাৰীৰ সময়ছোৱাত বিমান উদ্যোগ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ লাহে লাহে পুনৰ এই উদ্যোগটো ঠন ধৰি উঠিবলৈ আৰম্ভ কৰিছে ৷ এনে সময়তে কেৰেলাৰ এজন ব্যক্তিয়ে ঘৰতে নিজে নির্মাণ কৰা বিমানেৰে পৰিয়ালৰ সৈতে ইউৰোপ ভ্ৰমণ কৰা বাতৰিয়ে চর্চা লাভ কৰিছে ৷ নিজে নির্মাণ কৰা বিমানত ভ্ৰমণ কৰা ব্যক্তিজন হৈছে অশোক আলিছেৰিল থামাৰক্ষন ৷ বৰ্তমান লণ্ডনত থকা অশোকে ক’ভিড লকডাউনৰ সময়ত নিৰ্মাণ কৰিছিল এই বিমানখন।কেৰেলাৰ আলাপুঝাৰ বাসিন্দা ব্যক্তিজনে চাৰিজনীয়া বিমানখন নিৰ্মাণ কৰিবলৈ প্ৰায় ১৮ মাহ সময় লৈছিল।
চাৰিজনীয়া বিমানৰ “স্লিং টি এছ আই”মডেলৰ বিমানখনৰ নামকৰণ কৰা হৈছে “জি-দিয়া”, ৷ তেওঁৰ সৰু কন্যাৰ নামেৰে বিমানখনৰ তেওঁ নাম ৰাখিছে ৷ ২০০৬ চনত স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰ বাবে ব্ৰিটেইনলৈ অশোক বৰ্তমান ফৰ্ড মটৰ কোম্পানীৰ কর্মচাৰী ৷ তেওঁ কেৰেলাৰ প্ৰাক্তন বিধায়ক এ ভি থামাৰকচনৰ পুত্ৰ। পাইলটৰ অনুজ্ঞাপত্ৰ থকা অশোকে পৰিয়ালৰ সৈতে চাৰিখন আসনযুক্ত বিমানখনত এতিয়ালৈকে জাৰ্মানী, অষ্ট্ৰিয়া আৰু চেক গণৰাজ্য ভ্ৰমণ কৰিছে।
বিমান নিৰ্মাণৰ ধাৰণাটোক তেওঁ কেনেকৈ তেওঁৰ মনলৈ আিল বুলি সোধা প্ৰশ্নৰ উত্তৰ তেওঁ কয় “প্ৰথম অৱস্থাত ২০১৮ চনত পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত মই ভ্ৰমণৰ বাবে সৰু দুখন আসনৰ বিমান ভাড়াত লৈছিলোঁ। যিহেতু মোৰ পৰিয়ালত মোৰ পত্নী আৰু দুগৰাকী কন্যা আছে , মোক চাৰিজনীয়া বিমানৰ প্ৰয়োজন আছিল। চাৰিজনীয়া বিমান পোৱাতো যথেষ্ট কঠিন আৰু দুই- এখন উপলব্ধ যদিও পুৰণি ৷ এখন উপযুক্ত চাৰিজনীয়া বিমান বিচাৰি পোৱাত হোৱা এই অসুবিধাৰ বাবেই মই লকডাউনৰ সময়ত বিষয়টোৰ ওপৰত গৱেষণা কৰি ঘৰতে নির্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলো ৷ “