শুকুৰবাৰ আৰু শনিবাৰে ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ ৰাজ অভিষেক অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ। মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে ভাৰত আৰু ব্ৰিটেইনৰ মাজত ঐতিহাসিক সম্পৰ্ক আছে।দুয়োখন দেশৰ মাজত বহুতো সাদৃশ্য আৰু পৰিপূৰকতা, গণতান্ত্ৰিক মূল্যবোধ, সাংবিধানিক শাসন ব্যৱস্থা আছে।
প্ৰয়াত ৰাণী দ্বিতীয় এলিজাবেথৰ উত্তৰাধিকাৰী হিচাপে ৰজা হোৱাৰ আঠ মাহৰ পাছত শনিবাৰে তৃতীয় চাৰ্লছে মুকুট পিন্ধিব। চাৰ্লছৰ পত্নী কেমিলাকো একেদিনাই আনুষ্ঠানিকভাৱে ‘কুইন কনচৰ্ট’ হিচাপে ঘোষণা কৰা হ’ব। পৰম্পৰাগতভাৱে কেণ্টাৰবেৰীৰ আৰ্চবিশ্বপে ৱেষ্টমিনিষ্টাৰ এবেত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ সভাপতিত্ব কৰিব।
অৱশ্যে ১৯৫৩ চনত দ্বিতীয় ৰাণী এলিজাবেথৰ ৰাজ অভিষেক অনুষ্ঠানতকৈ চাৰ্লছৰ ৰাজ অভিষেক অনুষ্ঠান বহু ‘সৰু’ হ’ব। ৰাণীৰ উদ্বোধনী অনুষ্ঠানত ৮ হাজাৰ বিদেশী অতিথি উপস্থিত আছিল। ৩ ঘণ্টাৰো অধিক সময় ধৰি চলিছিল এই অনুষ্ঠান। বার্কিংহামৰ বিবৃতি অনুসৰি ৬ মে’ত প্ৰায় ২০০০ বিদেশী অতিথিৰ সমাগম হ’ব। কাৰ্যসূচীৰ দৈৰ্ঘ্যও এক ঘন্টাত সীমাবদ্ধ।