কভিড ভেকচিন লোৱাৰ পাছত আন এটা বুষ্টাৰ ড’জে শৰীৰত অধিক কভিড ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে বুলি প্ৰকাশ কৰি আহিছে বিশেষজ্ঞসকলে। কিন্তু কোন সময়ত এই বুষ্টাৰ ড’জ গ্ৰহণ কৰিব লাগে আপুনি জানেনে? কভিডৰ দ্বিতীয় ড’জ গ্ৰহণ কৰাৰ ছমাহৰ পিছত বুষ্টাৰ ড’জ গ্ৰহণৰ উপযুক্ত সময়। এই কথা প্ৰকাশ কৰিছে আগশাৰীৰ ফাৰ্মা প্ৰতিষ্ঠান ভাৰত বায়’টেকৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক ডঃ কৃষ্ণ এল্লাই। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰেহে চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বুলি তেও মন্তব্য কৰে। আনহাতে,কোভেকচিনৰ পিছত প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰি থকা নেছেল ভেকচিন সন্দৰ্ভত তেওঁ কয় যে ইতিমধ্যে ইয়াৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু তথ্যসমূহ বিশ্লেষণ কৰি আছে। এই প্ৰসংগত তেঁও কয় ” তিনি -চাৰি মাহৰ ভিতৰত এই নেছেল ভেকচিন ব্যৱহাৰৰ বাবে সাজু হৈ উঠিব।” আনহাতে, শিশুৰ বাবে ভেকচিন প্ৰস্তুত কৰা সন্দৰ্ভত তেঁও কয় যে দুইৰ পৰা ওঠৰ বছৰ বয়সলৈকে কভিডৰ ভেকচিন ক্লিনিকেল ট্ৰায়েল সম্পন্ন কৰা একমাত্ৰ প্ৰতিষ্ঠান হৈছে ভাৰত বায়’টেক।ইপিনে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদনৰ বাবে কোভেকচিনে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে উল্লেখ কৰি এল্লাই কয় যে বহু সংবাদ মাধ্যমে নেতিবাচক বাতৰি প্ৰকাশ কৰি আহিছিল। আনকি ভুপালত হোৱা কিছুসংখ্যক লোকৰ মৃত্য সন্দৰ্ভত বিশদ ভাবে চোৱাচিতাৰ বাবে বিজ্ঞানভিত্তিক জাৰ্নেললৈ পত্ৰও প্ৰেৰণ কৰা হৈছিল। যিসময়ত সেই লোকসকলে আত্মহত্যা কৰিছিল,সেই সময়ত ভেকচিনক দোষাৰোপ কৰা হৈছিল।