উত্তৰ প্ৰদেশৰ লখিমপুৰ ক্ষেত্ৰীত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই গাড়ীৰ খুন্দাত চাৰিগৰাকী প্ৰতিবাদী কৃষকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে কৰা তদন্তত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।এই সন্দৰ্ভত আজি এটা গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰি তিনিজনীয় এখন বিচাৰপীঠে কয় ” আমি তদন্ত প্ৰতিবেদন চাইছো। তদন্ত প্ৰতিবেদনত একোৱেই নাই। অন্তিম শুনানিত আমি দহ দিনৰ সময় দিছিলোঁ। কিন্তু এতিয়ালৈ আৰক্ষীয়ে পৰীক্ষাগাৰৰ প্ৰতিবেদন লাভ কৰা নাই। আমি যিধৰনে আশা কৰিছিলোঁ সেইদৰে তদন্ত আগবঢ়া নাই।” বিশেষকৈ ভিডিঅ’ ফুটেজৰ ফৰেণচিক প্ৰতিবেদন লাভ নকৰাত আৰু আটাইকেউজন অভিযুক্তৰ মোবাইল ফোন জব্দ নকৰাৰ বাবে ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে।দুৰ্ঘটনাৰ পাছত অভিযুক্তক একাংশ লোকে আক্ৰমণৰ ঘটনাৰ গোচৰ মূল গোচৰৰ সৈতে সংযুক্ত কৰাৰ বাবেও উচ্চতম ন্যায়ালয়ে শংকা ব্যক্ত কৰে। উল্লেখযোগ্য যে যোৱা তিনি অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্রৰ পুত্ৰ আশীষ মিশ্ৰৰ কনভয়ে মহতিয়াই নিয়াৰ ফলত আঠ জন লোকৰ মৃত্যু ঘটিছিল। ইয়াৰে চাৰিগৰাকী আছিল প্ৰতিবাদী কৃষক। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই কাৰ্যই সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।