চাকৰিৰ বিনিময়ত ভূমি উৎকোচ হিচাপে লোৱা গোচৰত চিবিআইৰ আগত হাজিৰ হ’ব লাগিব বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ । দিল্লী উচ্চ ন্যায়ালয়ে ২৫ মাৰ্চত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ দিল্লী কাৰ্যালয়ত হাজিৰ হ’বলৈ নির্দেশ দিছে ৷
নিয়োগ কেলেংকাৰীৰ গোচৰত সোধা-পোছাৰ বাবে চিবিআইয়ে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বীক চমন জাৰি কৰিছিল । চমন খাৰিজ কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল লালু-তনয়। তদন্তকাৰী সংস্থাই দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল সেই সময়ত তেওঁ নাবালক আছিল বুলি আৱেদনত উল্লেখ কৰিছে ৷ । এই গোচৰত তেওঁৰ পিতৃ লালুপ্ৰসাদ যাদৱ মূল অভিযুক্ত। ইয়াৰ উপৰিও তেজস্বীয়ে বিহাৰৰ পৰিৱৰ্তে দিল্লীৰ চিবিআইৰ কাৰ্যালয়লৈ কিয় মাতি অনা হ’ল সেই সন্দৰ্ভতো আপত্তি প্ৰকাশ কৰে।
শুনানিৰ সময়ত চিবিআইৰ অধিবক্তা ডি পি সিঙে কয় যে তেজস্বীয়ে চিবিআইৰ সন্মুখত ব্যক্তিগতভাৱে হাজিৰ হ’ব পাৰে। চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কথা চিন্তা কৰা নাই। ইয়াৰ পিছতে তেজস্বীৰ অধিবক্তাই কয় যে তেওঁৰ ক্লায়েণ্ট অহা ২৫ মাৰ্চত চিবিআইৰ কাৰ্যালয়ত উপস্থিত থাকিব। প্ৰসংগক্ৰমে বিহাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সময়তে তেওঁৰ মাতৃ ৰাবৰি দেৱী, পিতৃ লালুপ্ৰসাদ আৰু ভগ্নী মিছা ভাৰতীক এই গোচৰত দিল্লীৰ আদালতত জামিন মঞ্জুৰ কৰা হয়।
মাটিৰ বিনিময়ত চাকৰিৰ গোচৰত আদালতত দাখিল কৰা চাৰ্জশ্বীটত চিবিআইয়ে অভিযোগ কৰে যে ২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত লালু ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত ৰে’লৰ চাকৰিৰ বিপৰীতে ভুমি উৎকোচ হিচাপে হৈছিল। সেই সময়ত ৰেলৱেত এনে চাকৰি পোৱা আটাইকেইজন মানুহে নিজে হওক বা ঘনিষ্ঠ আত্মীয়ৰ যোগেদি যাদৱ পৰিয়ালক পানীৰ দৰত মাটি বিক্ৰী কৰিছিল। প্ৰসংগক্ৰমে বিগত বৰ্ষৰ ১০ অক্টোবৰত এই গোচৰৰ অভিযোগনামা দাখিল কৰিছিল চিবিআইয়ে। ষড়যন্ত্ৰ আৰু দুৰ্নীতিৰ অভিযুক্ত হিচাপে মুঠ ১৬জন লোকৰ নাম উল্লেখ কৰা হৈছে।