মধ্যপ্ৰদেশৰ ইন্দোৰৰ মাউ নামৰ অঞ্চলত এগৰাকী জনজাতীয় মহিলাক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত বুধবাৰে নিশা বৰগোণ্ডা আৰক্ষী থানা ঘেৰাও কৰে জনজাতীয় লোকে। আৰক্ষীয়ে তেওঁলোকক আতৰাই পঠিয়াবলৈ চেষ্টা কৰাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে। অভিযোগ অনুসৰি আৰক্ষীক লক্ষ্য কৰি তেওঁলোকে ইটা-শিল নিক্ষেপ কৰে ৷ আনকি কেইবাখনো আৰক্ষীৰ গাড়ীও ভাঙি পেলোৱা হয়। এই আক্ৰমণত ১৩ জন আৰক্ষী আহত হয়।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেই স্থানত উপস্থিত হয় বৃহৎ আৰক্ষী বাহিনী। আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়ে। বৰগোণ্ডা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ ঠাকুৰে জানিবলৈ দিয়া মতে, কন্দুৱা গেছো নিক্ষেপ কৰা হৈছে ৷ স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে আৰক্ষীৰ গুলীত মৃত্যু হৈছে এজন স্থানীয় লোকৰ । অৱশ্যে এই মৃত্যুৰ কথা অস্বীকাৰ কৰে আৰক্ষীয়ে। ৰাজ্যৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই এই ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। বৃহস্পতিবাৰে পুৱা মহিলাগৰাকীৰ পৰিয়ালকো সাক্ষাৎ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে সন্ধিয়া ঘৰৰ সন্মুখত এগৰাকী জনজাতীয় মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। অভিযোগ অনুসৰি, মহিলাগৰাকীক অপহৰণ কৰি ধৰ্ষণ কৰিছিল পাটিদাৰ সম্প্ৰদায়ৰ এজন লোকে। ইয়াৰ পিছত তেওঁলোকে তেওঁক হত্যা কৰি ঘৰৰ সন্মুখত পেলাই দিয়ে। মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত আদিবাসীয়ে থানা ঘেৰাও কৰে। মহিলাগৰাকীয়ে মৃতদেহ লগত লৈ থানাৰ সন্মুখত স্থানীয় লোকসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ আৰক্ষীয়ে তেওঁলোকক আঁতৰাবলৈ চেষ্টা কৰোতেই বৰগোণ্ডা থানা এলেকাটো যুদ্ধক্ষেত্ৰলৈ পৰিণত হয় ৷