কেদাৰনাথ ধামলৈ যোৱা পথত হোৱা ভূমিস্খলনত জাহ যায় কেইবাখনো দোকান। বহু লোকক ধ্বংসাৱশেষত সমাধিস্থ হোৱাৰ আশংকা কৰা হৈছে । উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ গৌৰীকুন্দৰ সমীপত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা গৌৰীকুণ্ড পোষ্ট দলঙৰ সমীপত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হয়। ভূমিস্খলনৰ ফলত কেইবাখনো দোকানৰ ক্ষতিসাধন হয়। সংবাদ সংস্থা এএনআইৰ আগত এছডিআৰএফৰ বিষয়া দলিপ সিং ৰাজৱাৰে কয় যে এই ধ্বংসৰ তলত কমেও ১০ৰ পৰা ১২জন লোকক সমাধিস্থ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয়, ‘প্ৰবল বৰষুণৰ পিছত ভূমিস্খলনৰ ফলত তিনিখন দোকান ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য আমি পাইছো। লগে লগে উদ্ধাৰৰ কাম আৰম্ভ হয়। দোকানবোৰত কমেও ১০-১২ জন লোক আছিল। এতিয়ালৈকে তেওঁলোকক বিচাৰি পোৱা নাই।“
ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষকে কয় যে নিৰুদ্দেশ হোৱা লোকক বিচাৰি অভিযান আৰম্ভ কৰা হৈছে। আনহাতে, যোশীমঠৰ পিছত পথত ফাট মেলাৰ বাবে ডেৰাডুনত আতংক বিয়পি পৰিছে। ডেৰাডুন জিলাৰ কালছি ব্লকৰ খামৰোলি আৰু ইয়াৰ আশে-পাশে থকা দুডজনৰো অধিক ঘৰত ফাট মেলিছে। স্থানীয় ৰাইজে বৃহস্পতিবাৰে জনোৱা মতে, খামৰোলী গাঁৱৰ কেইবাটাও ঘৰত ইতিমধ্যে ফাট দেখা গৈছে। পাজিতিলানি, টিপৌ আৰু সাহিয়া-পাটানৰ দৰে পথতো ডাঙৰ ডাঙৰ ফাট মেলিছে।
স্থানীয় ৰাইজৰ মতে, প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ অধীনত পাজিতিলানী আৰু চিবাউ-খামৰোলিৰ মাজত এটা পথ নিৰ্মাণৰ বাবে কাম চলি আছিল। আৰু সেইবাবেই এই বিভাজনৰ সৃষ্টি হয়। খামৰোলি গাঁৱত প্ৰায় ৫০টা পৰিয়াল বসবাস কৰে। মূল চহৰ ডেৰাডুনৰ পৰা ৯০ কিলোমিটাৰৰ ভিতৰত দেখা গ’ল ফিচাৰ-টেৰ’ৰ। যাৰ বাবে ডেৰাডুন আৰু কাষৰীয়া কেইবাটাও অঞ্চলৰ জনসাধাৰণ উদ্বিগ্নতাত ভুগিছে।