কভিদ মহামাৰীৰ ভয়াবহতাৰ মাজতে এইবাৰ সিংহ কভিদত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে। ছিংগাপুৰৰ এখন চিৰিয়াখানাৰ সিংহ কভিদত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। ৪ টাকৈ আক্ৰান্ত হোৱা সিংহৰ বাতৰিয়ে সকলোকে চিন্তাত পেলাইছে।
কভিদ ১৯ ত আক্ৰান্ত হোৱা কোনো ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পিছতেই সিংহকেইটাৰ দেহত কভিদ ১৯ ৰোগ ধৰা পৰে। পশু চিকিৎসকৰ দল এটাই পৰ্যবেক্ষণ কৰি সিংহ ৪ টা এতিয়ালৈকে সুস্থ বুলি ঘোষণা কৰিছে যদিও পৰ্যবেক্ষণত ৰাখিছে।
মানৱ শৰীৰৰ পৰা জন্তুৰ শৰীৰলৈ কভিদ ১৯ ৰ বীজাণু বিয়পি পৰা কথাষাৰ অতি চিন্তনীয়। জীৱ জন্তুৰ শৰীৰত কভিদৰ উপস্থিতিয়ে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিব। পৰাপক্ষত আক্ৰান্ত লোকসকল পোহনীয়া জীৱ-জন্তুৰ সংস্পৰ্শৰ পৰা আঁতৰি থকা উচিত।