অলিম্পিকত পদক দখল কৰি ইতিহাস ৰচনা কৰা প্ৰথমগৰাকী অসমীয়া লাভলিনা বৰগোঁহাইক এতিয়াৰ পৰা দেখা যাব আৰক্ষীৰ পোছাকতো ৷ বক্সিং ৰিঙত প্ৰতিপক্ষক ধাৰাশায়ী কৰা লাভলিনাক নিযুক্তি দিয়া হৈছে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক(ডি এছ পি ) পদত ৷ আজি জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই লাভলিনাক প্ৰদান কৰে নিযুক্তি পত্ৰ ৷ অসম আৰক্ষীৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতিত প্ৰদান কৰা হয় এই নিযুক্তি পত্ৰ ৷ ইপিনে আনুষ্ঠানিক ভাৱে ডি এছ পি হিচাপে নিযুক্তি লাভ কৰাৰ পাছতে ভাষণ প্ৰদান কৰি লাভলিনাই কয় যে আগন্তুক সময়ত অধিক পদক বিজয়েৰে ৰাজ্যখনক গৌৰৱান্বিত কৰিবলৈ তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিব ৷ তেওঁক ডি এছ পি হিচাপে নিযুক্তি দিয়াৰ ববে ৰাজ্য চৰকাৰলৈ কৃতজ্ঞতাও জ্ঞাপন কৰে ৷ আনহাতে, অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই লাভলিনাৰ নামত গুৱাহাটীত এটা পথ নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰে ৷ তদুপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত লাভলিনাৰ নামত ষ্টেডিয়াম নির্মাণ কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে ৷ আনহাতে প্ৰতি মাহে দৰমহাৰ উপৰি ১ লাখ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে ৷ প্ৰশিক্ষণৰ বাবে তেওঁক এই ধনৰাশি প্ৰদান কৰিব ৰাজ্য চৰকাৰে ৷