উত্তৰ প্ৰদেশৰ নির্বাচনক লৈ তৎপৰ হৈ পৰিছে বি জে পি ৷ ৰাজ্যখনত নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে ভোটাৰৰ মন জয় কৰি যিকোনো প্ৰকাৰে দেশখনৰ ক্ষমতাৰ গাদীত পুনৰ বি জে পিৰ চৰকাৰ অধিষ্ঠিত কৰিবলৈ তৈয়াৰ কৰিছে ৰণকৌশল ৷ বিশেষকৈ ৰাজ্যখনৰ এজন মন্ত্ৰী আৰু তিনিজন বিধায়কে বিজেপি ত্যাগ কৰাৰ পাছতে দলটো আগন্তুক বিধানসভা নির্বাচনক লৈ অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ বি জে পিয়ে ৰাজ্যখনৰ আগন্তুক নির্বাচনক লৈ কালি দিল্লীত ইয়াৰ ক’ৰ কমিটীৰ ১০ ঘণ্টাজোৰা বৈঠক অনুষ্ঠিত কৰে ৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সভাপতিত্বত কৰা অনুষ্ঠিত এই বৈঠক খনত উত্তৰ প্ৰদেশ নিৰ্বাচনৰ প্ৰভাৰী ধৰ্মেন্দ্ৰ প্ৰধান, সাধাৰণ সম্পাদক (সংগঠন) সুনীল বাঞ্চাল আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষ, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ৰাজ্যিক বি জে পিৰ সভাপতি স্বতন্ত্ৰ দেৱ সিঙে অংশগ্ৰহণ কৰে।শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও ভার্চুৱেল মাধ্যমেৰে এই বৈঠখনত অংশগ্ৰহন কৰে ৷ আজিও পুনৰ ক’ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব ৷ ৰাজ্যখনৰ বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰা হৈছে যদিও নির্বাচনী ৰেলী, প্ৰচাৰ সভা আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ক’ভিডৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ যাৰ বাবে বিকল্প প্ৰচাৰ ব্যৱস্থাৰ ওপৰত এই বৈঠকত বিশেষভাৱে আলোচনা কৰা হ’ব ক’ৰ কমিটীৰ বৈঠকত ৷ তদুপৰি প্ৰার্থী তালিকা সন্দর্ভতো বৈঠকত আলোচনা কৰা হয় ৷ উত্তৰ প্ৰদেশৰ ৪০৩ টা বিধানসভা সমষ্টিৰ নিৰ্বাচন ১০ ফেব্ৰুৱাৰীৰ পৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷ উত্তৰ প্ৰদেশত ১০, ১৪, ২০, ২৩, ২৭ ফেব্ৰুৱাৰী , ৩ আৰু ৭ মাৰ্চত সাতটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।