আজিৰ পৰা সমগ্ৰ অসম জুৰি অনিৰ্দিষ্টকাললৈ ধৰ্মঘট সাব্যস্ত কৰিছে এল পি জি পৰিবহণকাৰীসকলে ৷ যাৰ বাবে সমগ্ৰ অসমতে ৰন্ধন গেছৰ নাটনিৰ প্ৰচুৰ সম্ভাৱনা আছে ৷ নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যনে আই অ’ চি এলৰ বিষয়া সকলৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হৈছে যদিও ইণ্ডিয়ান অইল ক’ৰপৰেশ্যনে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীক কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এলপিজি পৰিবহণ কাৰী সন্থাই ৷
‘নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যন’ৰ মুখ্য উপদেষ্টা কুমূদ নাথে কয় যে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি আই অ’ চি এলে পূৰ্বৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়াৰ নিবিদা বাতিল কৰিছিল ৷ নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যনে এই সন্দৰ্ভত আপত্তি কৰাৰ পিছতেই আই অ’ চি এল আৰু নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যনৰ মাজত বৈঠক অনুষ্ঠিত হয় ৷
কিন্তু তেওঁ অভিযোগ কৰে যে শেহতীয়াকৈ আই অ’ চি এল কৰ্তৃপক্ষই পৰিবহণকাৰী সংস্থাই উত্থাপন কৰা সমস্যাসমূহ সমাধান নকৰি এল পি জি বটলিং প্লাণ্টৰ বাবে নিবিদা আহ্বান কৰিছিল ৷ আনহাতে তেওঁ কয় যে তেওঁলোকে আই অ’ চি এলক নিবিদা জাননী বাতিল কৰিবলৈ অনুৰোধ জনোৱা স্বত্তেও তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ সহাৰি নাপালে নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যনে ৷ সেয়েহে আজি অৰ্থাৎ সোমবাৰৰ পৰা ধৰ্মঘট কৰিবলৈ বাধ্য হ’ল সংস্থাটো ৷
আনহাতে এছ’চিয়েশ্যনটোৱে এই অভিযোগো উত্থাপন কৰিছে যে ২০১৪চনৰ পৰা আই অ’ চি এলে পৰিবহণ হাৰ সংশোধন কৰাৰ ক্ষেত্ৰতো কোনো পদক্ষেপ লোৱা নাই যাৰ বাবে পৰিবহণকাৰী সকলে আৰ্থিক লোকচানো বহন কৰিবলগীয়া হৈছে ৷
সেয়েহে এই ধৰ্মঘটৰ সমৰ্থনত আজিৰ পৰা অসমৰ উত্তৰ গুৱাহাটী, তিনিচুকীয়া, গোপনাৰী, সৰপাৰা, বঙাইগাঁও,ছেকমাই .শিলচৰ,দুলীয়াজান ,নগাঁও,আগৰতলা,বিশালগড় আদিৰ এল পিজিৰ প্লাণ্টসমূহো বন্ধ থাকিব বুলি জানিবলৈ দিছে নৰ্থ ইষ্ট পেকড এল পি জি এছ’চিয়েশ্যনে ৷