সদ্য ঘোষিত জেইই মেইনছ- ২০২৪ ত অসমৰ এগৰাকী শিক্ষার্থীয়ে ছাত্ৰীৰ ভিতৰত দেশৰ তৃতীয় শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ মেধাৱী ছাত্ৰীগৰাকীৰ নাম হৈছে মধুস্মিতা তালুকদাৰ। শিক্ষার্থী গৰাকীয়ে মুঠ ৩০০ নম্বৰৰ ভিতৰত ২৯০ নম্বৰ লাভ কৰিছে। ছাত্ৰী গৰাকীৰ পিতৃ বৰপেটাৰ বহৰিৰ বাসিন্দা যদিও তেওঁলোক সম্প্ৰতি মুম্বাইত বাস কৰে ।
ভৱিষ্যতে আইআইটিত কম্পিউটাৰ বিজ্ঞান বিষয়ত অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰাৰ মন মেধাবী ছাত্ৰী গৰাকীৰ ৷ অধ্যনৰ লগতে মধুস্মিতাই এগৰাকী পাকৈত নৃত্যশিল্পীও ৷ ওডিচি নৃত্যত মধুস্মিতাই প্ৰি বিশাৰদ। সংগীতৰ শিক্ষাও গ্ৰহণ কৰি আছে চণ্ডীগড়ৰ এখন বিশ্ববিদ্যালয়ৰ পৰা। তেওঁ ওডিচি নৃত্যৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰদান কৰা সন্মানীয় চিচিআৰটি জলপানিও লাভ কৰিছে।
উল্লেখ্য যেমধুস্মিতাৰ পিতৃ ড০ প্ৰশান্ত কুমাৰ তালুকদাৰো আছিল অত্যন্ত মেধাবী । ১৯৮৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত তেওঁ কটনৰ পৰা উচ্চতৰ মাধ্যমিক আৰু এনআইটিৰ পৰা ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।তেওঁ এনআইটিৰ পৰা ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম সাং কৰি কলিকতাত এমবিএ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। তাৰপাছত বিদেশৰ এখন বিশ্ব বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লৈ আইবিএম গ্লোবেল চেক্টৰৰ সৈতে জড়িত হৈ পৰে। বৰ্তমান তেওঁ নিজাকৈ কোম্পানী গঠন কৰি গ্লোবেল বিজনেছ প্লেটফৰ্মৰ বেংক সম্পৰ্কীয় কাম-কাজত ব্যস্ত।