বিভিন্ন সময়ত স্বাস্থ্যখণ্ডৰ দুৰৱস্থাৰ বাবে সাধাৰণ লোকে ভোগ কৰিবলগীয়া হয় অনেক সমস্যা ৷ চিকিৎসাৰ অভাৱত মৃত্য হোৱা ঘটনা আদি ভাৰতীয় সমাজ ব্যৱস্থাত তেনেই সুলভ ৷ এইবাৰ এম্বুলেন্স নথকাৰ বাবে এগৰাকী পিতৃয়ে নিজৰ চাৰি বছৰীয়া কন্যা সন্তানৰ মৃতদেহ হাস্পতালৰ পৰা কান্ধত ঘৰলৈ কঢ়িয়াই আনিব লগীয়া হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মধ্যপ্ৰদেশৰ ছতৰপুৰ জিলাত সংঘটোত হয় এই ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে প্ৰথমে শিশুটিক চিকিৎসাৰ বাবে বাক্সৱাহা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল ৷ য’ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ পিছতে মঙলবাৰে পৰিয়ালে ততাতৈয়াকৈ সংলগ্ন দামোহৰ জিলা চিকিৎসালয়লৈ তেওঁক লৈ যায় যদিও সেইদিনাই মৃত্যু হয়।
ছোৱালীজনীৰ মৃতদেহ ঘৰলৈ আনিবলৈ চিকিৎসালয়ৰ কৰ্মচাৰীৰ পৰা এম্বুলেন্স বিচাৰিছিল যদিও তেওঁলোকৰ পৰা ইতিবাচক সঁহাৰি নাপালে বুলি অভিযোগ উত্থাপন কৰিছে ছোৱালীজনীৰ ককাক মনসুখ আহিৰৱাৰে। তেওঁ কয় যে ব্যক্তিগত বাহনৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকৰহাতত ধন নথকাৰ বাবে শিশুটিৰ মৃতদেহ এখন কম্বলত মেৰিয়াই বাছত উঠাই বাক্সৱাহালৈ গৈছিলো। বাক্সৱাহা পোৱাৰ পাছত ছোৱালীজনীৰ পিতৃ লক্ষ্মণ আহিৰৱাৰে কয় যে তেওঁলোকে নগৰ পঞ্চায়তক এখন বাহন যোগান ধৰিবলৈ কয়, যাতে তেওঁলোকে মৃতদেহটো পৌদি গাঁৱলৈ লৈ যাব পাৰে ৷ কিন্তু তেওঁলোকেও কোনো সহায় নকৰিলে ৷ যাৰ বাবে পিতৃয়ে কান্ধত কঢ়িয়াই নিবলৈ বাধ্য হয় শিশুটিৰ মৃতদেহ ৷ এজন উচ্চপদস্থ বিষয়াই জনোৱা মতে, বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।