জাতিৰ পিতা মহাত্মা গান্ধী নাতি অৰুণ গান্ধীৰ দেহাৱসান ঘটিছে । জাতিৰ পিতৃ মহাত্মা গান্ধীৰ দ্বিতীয় সন্তানৰ পুত্ৰ হৈছে অৰুণ। পেছাত তেওঁ আছিল এজন লেখক। তেওঁ বহু ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ সৈতেও সক্ৰিয়ভাৱে জড়িত আছিল। শৈশৱ কালত কেইবাবছৰ ধৰি মহাত্মা গান্ধীৰ সৈতে ঘনিষ্ঠভাৱে তেওঁ থকাৰ সুযোগ পাইছিল ৷ যোৱা মাৰ্চ মাহত হঠাৎ তেওঁ অসুস্থ হৈ পৰে। পৰৱর্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু মৃত্যু হয় । অৰুণৰ বয়স আছিল ৮৯ বছৰ।
মহাত্মা গান্ধী আৰু কস্তুৰবা গান্ধীৰ আছিল চাৰি সন্তান। তাৰ ভিতৰত দ্বিতীয় পুত্ৰ মণিলাল গান্ধীৰ পুত্ৰ হৈছে অৰুণ। তেওঁৰ আৰু দুজন ভাতৃ আছে। তেওঁলোকৰ কনিষ্ঠ কন্যা এলা দক্ষিণ আফ্ৰিকাৰ শান্তি কৰ্মী। লগতে প্ৰাক্তন ৰাজনীতিবিদ। অৰুণৰ দক্ষিণ আফ্ৰিকা আৰু আমেৰিকাৰ নাগৰিকত্বও আছে।
মঙলবাৰে পুৱা মহাৰাষ্ট্ৰৰ কলহাপুৰৰ অৱনী সন্থা নামৰ এটা বেচৰকাৰী সংস্থাৰ নিজ গৃহত তেওঁৰ মৃত্যু হয়। সংগঠনটোৰ মুৰব্বী অনুৰাধা ভোছলেই সংবাদ মাধ্যমৰ আগত কয় যে অৰুণে নিশালৈকে লিখাৰ কাম কৰি আছিল। পুৱা তেওঁৰ মৃত্যু হয় ৷