মণিপুৰৰ ননী জিলাৰ টেৰিটৰিয়েল আৰ্মী কেম্পত সংঘটিত ব্যাপক ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে। মৃতকৰ ভিতৰত আছে ১৮ জন জোৱান।জানিব পৰা মতে এতিয়ালৈকে টেৰিটৰিয়েল আৰ্মীৰ ১৩ জন জোৱান আৰু ৫ জন সাধাৰণ নাগৰিকক উদ্ধাৰ কৰা হৈছে ৷ আনহাতে এতিয়াও ৩৮ জন লোক সন্ধানহীন হৈ আছে।বুধবাৰে নিশা টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণস্থলীৰ সমীপৰ টেৰিটৰিয়েল আৰ্মী কেম্পত সংঘটিত হয় ভূমিস্খলন। ভাৰতীয় সেনা, আছাম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মী আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ বাহিনীয়ে, ধ্বংসাৱশেষৰ তলত এতিয়াও আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।
চৰকাৰী বিবৃতিত কোৱা হৈছে যে, “যিহেতু বৰষুণ আৰু অন্যান্য কাৰকৰ বাবে বিষয়াসকলে অসুবিধাৰ সন্মুখীন হৈছে, সেয়েহে ধ্বংসাৱশেষত পোত যোৱা কৰ্মীৰ উপস্থিতি ধৰা পেলাবলৈ বায়ুৰ জৰিয়তে ৱাল ৰাডাৰো ব্যৱহাৰ কৰা হৈছে।”
শুকুৰবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সেনা আৰু অসামৰিক শীৰ্ষ বিষয়াৰ সৈতে ঘটনাস্থলী পৰিদৰ্শন কৰে। মৃত্যু হোৱা লোকৰ পৰিয়ালক ৫ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।
কালি সন্ধিয়া পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটযোগে কয় যে এই ঘটনাত ৰাজ্যখনৰ ৯ জন জোৱানৰ মৃত্যু হৈছে।তদুপৰি এই ভূমিস্খলনত অসমৰ কেইবাজনো লোক আহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে ৷ কাম কৰিবলৈ মণিপুৰলৈ গৈছিল মৰিগাৱঁৰ লাহৰীঘাটৰ ২৩ জন লোক ৷ চাৰিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও আন ১৩ জন এতিয়াও সন্ধানহীন হৈ আছে ৷