তিনিখন ৰাজ্যৰ আৰক্ষীয়ে বিচাৰি চলাথ কৰা এজন দুধর্ষ মাওবাদী আৰক্ষীৰে হোৱা সংঘষ্র্ত নিহত হৈছে ৷ আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত মৃত্যু হয় মাওবাদী নেতা ৰূপেশ কানহাৰৰ। নিহত মাও সদস্যজনৰ মূৰৰ দাম আছিল ১২ লাখ টকা। শনিবাৰে গভীৰ নিশা মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ হাৰতলা বনাঞ্চলত আৰক্ষীৰ এনকাউণ্টাৰত তেওঁৰ মৃত্যু হয়।
বালাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিজয় দাবৰে জনোৱা মতে, গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছত মধ্যপ্ৰদেশ আৰক্ষী আৰু অধৰসামৰিক বাইনীৰ বিশেষ দলে হাৰতলা অঞ্চলত তালাচী আৰম্ভ কৰে। সেই সময়ত তেওঁলোক মাও নেতাজনৰ উপস্থিতিৰ বিষয়ে নিশ্চিত আছিল। গাঁৱৰ সমীপৰ হাবিত দুয়োপক্ষৰ মাজত সংঘর্ষ আৰম্ভ হয়। অতিৰিক্ত আৰক্ষী অধীক্ষকৰ মতে, আৰক্ষীক দেখা পাই এদল মাওবাদীয়ে নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে। আৰক্ষীয়েও প্ৰত্যুত্তৰ প্ৰদান কৰে ৷সংঘর্ষ শেষ হোৱাৰ পিছতে হাবিত তালাচী অভিযান চলায়। তাৰ পিছত উদ্ধাৰ হয় এটা মৃতদেহ। অৱশেষত মৃতদেহটো চিনাক্ত কৰা হয়। আৰক্ষীয়ে নিশ্চিত কৰিছে যে মৃত লোকজন মাওবাদী নেতা ৰূপেশ কানহা।
মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়—এই তিনিখন ৰাজ্যই মাওবাদী নেতা ৰূপেশক বিচাৰি আছিল। ৰাজ্যসমূহে তেওঁৰ শিৰৰ মূল্য ঘোষণা কৰিছিল। মধ্য প্ৰদেশ আৰক্ষীয়ে জনোৱা মতে, ৰাজ্যত মাওবাদী কাৰ্যকলাপ ৰোধৰ বাবে এনে অভিযান চলোৱা হৈছে ৷ ৩০ নৱেম্বৰত আৰক্ষীৰ সংঘৰ্ষত ২জন মাওবাদী নিহত হৈছিল।