পাকিস্তানৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ অন্যতম মূল অভিযুক্ত ছাজিদ মাজিদ মিৰক ১৫ বছৰত কাৰাদণ্ড প্ৰদান কৰিছে। চলিত মাহৰ আৰম্ভণিতে লাহোৰৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে নিষিদ্ধ লস্কৰ-ই-তৈবা (এল ই টি)ৰ সদস্য ছাজিদ মাজিদ মিৰক এই শাস্তি প্ৰদান কৰে ৷ দোষী মিৰক চলিত এপ্ৰিল মাহত গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা কোট লখপাট কাৰাগাৰত বন্দী হৈ আছে। আদালতে দোষীক ৪ লাখ অধিক জৰিমনাও বিহিছে ৷ ইয়াৰ পূৰ্বে মিৰৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছিল।
উল্লেখ্য যে ২৬/১১ মুম্বাই আক্ৰমণত ১৬৬ জন লোকৰ মৃত্যু হৈছিল ৷ এই আক্ৰমণত তেওঁৰ ভূমিকাৰ বাবে ভাৰতৰ ম’ষ্ট ৱাণ্টেড তালিকাত অন্তভুর্ক্ত কৰা হৈছিল ৷ তেওঁৰ শিৰৰ মূল্য ৫ মিলিয়ন মাৰ্কিন ডলাৰ ঘোষণা কৰা হৈছিল ৷ মিৰে ২০০৫ চনত ভুৱা নামত ভুৱা পাছপ’ৰ্ট জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল ৷ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ চৈয়দক ইতিমধ্যে লাহোৰ এটিচিয়ে সন্ত্ৰাসবাদী বিত্তীয় গোচৰত ৬৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। মুম্বাইৰ আক্ৰমণ অভিযানৰ কামাণ্ডাৰ জাকিউৰ ৰেহমান লখৱীকো কেইবাবছৰ কাৰাবাস প্ৰদান কৰা হৈছিল ৷