টি 20 বিশ্বকাপ ক্ৰিকেটৰ শেহতীয়াকৈ এখন মেচত পাকিস্তানে ভাৰতক শোচনীয়ভাৱে পৰাজিত কৰাৰ পাছত বিজয় উৎসৱ পালন কৰা জম্মু – কাশ্মীৰৰ দুজন মেডিকেল ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি শ্বেৰ ই কাশ্মীৰ ইনষ্টিটিউট অব মেডিকেল চায়েঞ্চ আৰু শ্ৰীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ দুজন শিক্ষাৰ্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বেআইনী কার্য কলাপ প্ৰতিৰোধ আইনৰ অধীনত ছাত্ৰ দুজনক অভিযুক্ত কৰা হৈছে।
উক্ত মেচখনত পাকিস্তানে জয় লাভ কৰাৰ পাছত চিকিৎসা মহাবিদ্যালয় দুখনৰ একাংশ ছাত্ৰই বিজয় উৎসৱ পালন কৰিছিল ।পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ লগতে ফটকা ফুটাই আনন্দত শিক্ষাৰ্থীসকল মত্ত হৈ পৰা দৃশ্য ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
জম্মু কাশ্মীৰৰ আন বিভিন্ন অংশতো পাকিস্তানৰ জয়ৰ পাছত উদযাপন কৰা পৰিলক্ষিত হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাশ্মীৰ উপত্যকা ভ্ৰমণ কৰাৰ সময়তে এইদৰে পাকিস্তানৰ বিজয় উৎসৱ পালন কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।