অসম চৰকাৰে কভিদৰ তৃতীয় ঢৌৰ আক্ৰমণৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰিবলৈ বিশেষ ব্যৱস্থা হাতত লৈছে। অহা ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈকে মেগা ভেকচিন সপ্তাহৰ আয়োজন কৰিছে। কেবিনেটৰ সিদ্ধান্তৰ পিছতেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই জনাই যে প্ৰতিটো ভোটকেন্দ্ৰৰ ভোটাৰ তালিকা অনুসৰি ভেকচিন প্ৰদান কৰা হ’ব যাতে কোনো লোক বাদ পৰি নাযায়। গুণোৎসৱৰ আৰ্হিত সকলো লোককে সামৰি লোৱা হ’ব।
চৰকাৰে ১৮ বছৰৰ উৰ্ধৰ সকলো লোককে সাঙুৰি ১০০% ভেকচিন প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰিছে। প্ৰতিটো বিধান সভাৰ সমষ্টিসমূহৰ প্ৰতিটো ভোট কেন্দ্ৰত ভেকচিন চেণ্টাৰ স্থাপন কৰিব। ভোটাৰ তালিকাত সন্নিৱিষ্ট সকলো লোকৰ ঘৰলৈ গৈ অংগনবাড়ী কৰ্মচাৰী, বি এল অ’, গাওঁবুঢ়া, এ এন এম আদিৰ টিমে কোনে কোনে ভেকচিন গ্ৰহণ কৰিছে, যদি নাই কৰা কিয় নাই কৰা বা কেতিয়ালৈ গ্ৰহণ কৰিব পাৰিব এই সন্দৰ্ভত তালিকা প্ৰস্তুত কৰিব।
ভেকচিন গ্ৰহণ নকৰা লোকসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব। যিসকল লোকে চেণ্টাৰলৈ আহিবলৈ অক্ষম তেওঁলোকক ঘৰতে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব। গৰ্ভৱতী বা স্বাস্থ্যজনিত সমস্যা থকা লোকসকলৰ ভেকচিন প্ৰদানৰ সময় স্থিৰ কৰিব।
অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত ভাৰতৰ বিভিন্ন ঠাইত কৰ্মৰত লোকসকলক ভাৰত চৰকাৰৰ তত্ত্বাৱধানত সেই ঠাইতে ভেকচিন প্ৰদানৰো ব্যৱস্থা কৰিব।
অলপতে অসমত ২ কোটি ভেকচিন প্ৰদান সম্পূৰ্ণ হৈছিল। এতিয়া ১০০% ভেকচিন প্ৰদানৰ লক্ষ্য স্থিৰ কৰিছে। শীঘ্ৰেই ১৭ বছৰৰ লোকসকলৰ বাবেও ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব।